বিশ্বাসঘাতক – জেফলিন চুলতানা

বিশ্বাসঘাতক
জেফলিন চুলতানা, নগাঁও
উদ্বাস্ত মনৰ আকলুৱা হৃদয়ত
পূৰ্ণতা সিঁচাৰ বৰ হাবিয়াস তাইৰ
অপ্ৰকাশ্য নিজস্ব সৃষ্টিশীলতা বোৰক
ঠন ধৰি উঠিবলৈ দিছিল ।
বিশ্বাস শব্দটো তাইৰ বাবে মাথোঁ এটা শব্দই নাছিল
জীৱন জীয়াৰ এক মূল মন্ত্ৰ আছিল ।
দুচকুত হেজাৰ সপোনেৰে
প্ৰাপ্তিৰ বৰষুণ জাকত তিতি থাকোঁতেই
অপ্ৰাপ্তিৰ  ধুমুহাজাকে যেন
ছেদেলি ভেদেলি কৰি থৈ গ’ল
খিল খিলীয়া হাঁহিৰ পৰা বিষাদৰ বৰষুণ জাকলৈ ।
আৰু তাই মনে মনে ভাবিব ধৰিছিল…!!
কাৰোবাৰ কেঁচা তেজ শুহি
কাৰোবাৰ নিজস্বতা হানি কৰি
কাৰোবাক পংগু কৰি
কি পালে নিয়তিয়ে…!!
বিশ্বাস-আৱেগে বাট হেৰুৱাই
প্ৰতিটো ছন্দহীন অনুভৱক কঢ়িয়াই আজি
মোৰ কলমটো যেন নিজেই ভাগৰুৱা হৈ পৰিল…!!
তথাপিও তাই ক্লান্ত হোৱা নাছিল
ফুলনি এখনৰ ফুলবোৰৰ দৰে
সুগন্ধি বিলাবলৈ বাৰুকৈয়ে চেষ্টা কৰি গৈছিল
বিশ্বাসঘাতক মানুহৰ জীৱনলৈ ।
আৰু তাইৰ মাজত গোপনে গঢ় লোৱা
নিসংগতাৰ অপমৃত্যু ঘটাবলৈ
কিতাপৰ সৈতে বন্ধুত্ব কৰিছিল ।