জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ মৃত্যু

জনপ্ৰিয় অভিনেতা জয়ন্ত দাসৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত জীৱন-মৃত্যুৰ সংগ্ৰাম কৰি আই চি ইউতেই যোৱাকালি নিশা ৮.৪১ বজাত জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিলে জনপ্ৰিয় অভিনেতা জয়ন্ত দাসে । দূৰদৰ্শন, ভিডিঅ’ ছবি, মঞ্চ নাটক, অনাতাঁৰ, চলচ্চিত্ৰকে ধৰি বিভিন্ন মাধ্যমত নিজৰ অভিনয়েৰে লক্ষজনৰ হৃদয় জয় কৰা জয়ন্ত দাস প্ৰকৃততেই আছিল এজন খোলা মনৰ মানুহ । সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা চৰকাৰী চাকৰিৰ অৱসৰ গ্ৰহণ কৰা জয়ন্ত দাসে অৱসৰৰ পাছতো অব্যাহত ৰাখিছিল নিজৰ অভিনয় । ১৯৮৪ চনৰ ৩১ জুলাইত মুক্তিপ্ৰাপ্ত পুলক গগৈ পৰিচালিত ‘সেন্দুৰ’ ছবিখনত অভিনয় কৰি ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল জয়ন্ত দাসে । এই ছবিখনত জয়ন্ত দাসে অভিনয়ৰ সুযোগ পোৱাৰ আঁৰতো এক কাহিনী জড়িত হৈ আছে । ৰবীন্দ্ৰ ভৱন নে জিলা পুথিভঁৰালত মঞ্চস্থ হোৱা এখন নাটকত এটা বিশেষ চৰিত্ৰত সেই সময়ত অভিনয় কৰিছিল জয়ন্ত দাসে । দৰ্শক হিচাপে সেইদিনা তাত উপস্থিত আছিল জনপ্ৰিয় অভিনেতা ব্ৰজেন বৰা । এটা টৰ্চ লাইট লৈ মঞ্চত প্ৰৱেশ ঘটিছিল জয়ন্ত দাসৰ । তাৰ পাছত নাটখনত অপূৰ্ব অভিনয় দেখি অভিভূত হৈ পৰিৰ ব্ৰজেন বৰা । সেই সময়তে পুলক গগৈয়ে তেওঁৰ ‘সেন্দুৰ’ ছবিখন পৰিচালনা কৰিবলৈ সাজু হৈছিল । ব্ৰজেন বৰাই পুলক গগৈক জয়ন্ত দাসৰ কথা ক’লে আৰু পাৰিলে ‘সেন্দুৰ’ত কাষ্টিং কৰিব পাৰে বুলিও জনালে । সেইমতে পুলক গগৈয়ে তেওঁৰ ‘সেন্দুৰ’ত কাষ্টিং কৰিলে জয়ন্ত দাসক । ‘সেন্দুৰ’ৰ জৰিয়তে আৰম্ভ কৰা নিজৰ চলচ্চিত্ৰ কেৰিয়াৰত পাছলৈ সংযোগ হ’ল অজস্ৰ ছবিৰ নাম । জয়ন্ত দাসে অভিনয় কৰা ছবিসমূহৰ ভিতৰত উল্লেখযোগ্য কিছু ছবি আছিল ‘নায়ক’, ‘কন্যাদান’, ‘বুকুৰ মাজত জ্বলে’, ‘ভুমিপুত্ৰ’, ‘মন’, ‘ৰিক্সাৱালা’, ‘আই ক’ত নাই’, ‘খেল’, ৰামধেনু’, ‘ইতিহাস’, ‘শকুন্তলা আৰু শংকৰ যোচেফ আলী’, ‘দ্বীপজ্যোতি’, ‘সূত্ৰপাত’, ‘পিতা-পুত্ৰ’, ‘আই মোৰ জনমে জনমে’, ‘পাহাৰী কন্যা’, ‘অজলা ককাই’, ‘উত্তৰকাল’, ‘যখিনী’, ‘প্ৰভাতী পখীৰ গান’, ‘হলধৰ’, ‘উৰ্বশী’, ‘মীমাংসা’, ‘আবৰ্তন’, ‘সপোন’, ‘দেউতাৰ বিয়া’, ‘দেৱতা’, ‘মহাৰথী’, ‘এই মৰম তোমাৰ বাবে’, ‘প্ৰেম আৰু প্ৰেম’, ‘মিঠা মিঠা লগনত’, ‘অগ্নিসাক্ষী’, ‘ৰং’, ‘ধুনীয়া তিৰোতাবোৰ’, ‘আকাশ চুবলৈ মন’, ‘মুমতাজ’, ‘ককাইদেউ বিন্দাছ’, ‘ৰ’দ হৈ আহা তুমি’, ‘সাৰথি’, ‘কাদম্বৰী’ আদি । বহুকেইখন ছবিত অতিথি ভুমিকাতো অভিনয় কৰিছিল জয়ন্ত দাসে । অসমীয়া ছবিৰ টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত হোৱা তথা ১৯৯৮ চনৰ ১২ জুনত মুক্তি লাভ কৰা ‘যৌৱনে আমনি কৰে’ ছবিখনতো জয়ন্ত দাসে এটা অতিথি ভুমিকাত অভিনয় কৰিছিল । ২০০০চনৰ ১৭ নবেম্বৰত মুক্তি লাভ কৰা ‘ভুমিপুত্ৰ’ ছবিখন আছিল জয়ন্ত দাস পৰিচালিত প্ৰথমখন ছবি । শেষৰফালে জয়ন্ত দাস ঘৰে ঘৰে জনপ্ৰিয় হৈ পৰিছিল ‘ৰং’ চেনেলৰ ‘ভাড়াঘৰ’ নামৰ ধাৰাবাহিকখনৰ জৰিয়তে । অৱশ্যে ‘ভাড়াঘৰ’ৰ পূৰ্বে দূৰদৰ্শনৰ বহু জনপ্ৰিয় ধাৰাবাহিকতো অভিনয় কৰিছিল জয়ন্ত দাসে । ‘দূৰদৰ্শন’যোগে সম্প্ৰচাৰিত তথা মুনিন বৰুৱা পৰিচালিত ‘পাপু নিকু সংবাদ’ ধাৰাবাহিকখন জয়ন্ত দাস অভিনীত এখন অন্যতম জনপ্ৰিয় ধাৰাবাহিক আছিল । ‘এই চহৰতে’ ধাৰাবাহিকখনতো এটা বিশেষ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল । ড° ভবেন্দ্ৰনাথ শইকীয়াৰ কাহিনীক লৈ দূৰদৰ্শনৰ বাবে জয়ন্ত দাসে পৰিচালনা কৰা ‘আগন্তুক’ নামৰ ধাৰাবাহিকখনো যথেষ্ট জনপ্ৰিয় হৈছিল । মঞ্চ নাটকতো এক অনন্য দখল আছিল জয়ন্ত দাসৰ । সাংস্কৃতিক সঞ্চালকালয়ত কৰ্মৰত অৱস্থাত থাকোতে অজস্ৰ নাটকত অভিনয় কৰিছিল জয়ন্ত দাসে । তেওঁ অভিনয় কৰা সেই সময়ৰ কেইখনমান উল্লেখযোগ্য নাটক আছিল ‘টেটোন তামুলী’, ‘মাছৰ তেলেৰে মাছ’, ‘কাৰেঙৰ লিগিৰী’ আদি । দুলাল ৰয়ৰ ‘গদোৰ প্ৰতীক্ষাত’ নাটকখনতো সুন্দৰ অভিনয় কৰি দৰ্শকৰ মন জয় কৰিছিল জয়ন্ত দাসে । ঐক্যতানৰ বেনাৰতো বহু নাটকত অভিনয় কৰিছিল জয়ন্ত দাসে । ঐক্যতানৰ সঞ্জীৱ হাজৰিকা পৰিচালিত ‘নাটক হ’লেও নাটক নহয়’ নাটকখনত অভিনয় কৰি জয়ন্ত দাসে যিদৰে সম্পূৰ্ণ হাস্যৰস দৰ্শকক প্ৰদান কৰিছিল, একেদৰে ‘সিংহাসন খালী’ নামৰ নাটকখনতো দৰ্শকক দিছিল ব্যঙ্গৰ খোৰাক । ঐক্যতানৰ ‘উপহাৰ’ নাটকখনতো অনন্য অভিনয় কৰিছিল জয়ন্ত দাসে । ‘নাটঘৰ’ৰ বেনাৰত দুলাল ৰয়ৰ পৰিচালনাৰে মঞ্চস্থ হোৱা ‘পঞ্চতন্ত্ৰ’ নাটকখনো জয়ন্ত দাসৰ নাট্য জীৱনৰ এখন উল্লেখযোগ্য নাটক আছিল । ‘সূৰ্য’ৰ বেনাৰত মঞ্চস্থ হোৱা বহু নাটকতো ভিন্ন চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল জয়ন্ত দাসে । নয়ন প্ৰসাদে অসমীয়ালৈ অনুবাদ কৰাৰ লগতে পৰিচালনা কৰা ‘হোলী’ নাটকখনত জয়ন্ত দাসে কৰা অভিনয় সদায় মনত থাকিব দৰ্শকৰ । ‘সূৰ্য’ নিবেদিত ‘অজীৰ্ণপূৰৰ সিপাৰে’ নামৰ নাটকখনো আছিল জয়ন্ত দাস অভিনীত আন এখন উল্লেখযোগ্য নাটক । অনাতাঁৰ নাটকৰো এগৰাকী ভাল অভিনেতা আছিল জয়ন্ত দাস । অজস্ৰ অনাতাঁৰ নাটকত তেওঁ অভিনয় কৰিছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৬৬ বছৰ ।জয়ন্ত দাসৰ অভিনয় জগতলৈ আগমণ ঘটাৰো এক বিশেষ কাহিনী আছে । সেয়া ৮০ দশকৰ শেষৰফালৰ কথা । সেই সময়ত কটন কলেজত অধ্যয়ন কৰি আছিল জয়ন্ত দাসে । এগৰাকী ক্ৰিকেট খেলুৱৈ হিচাপে তেতিয়া তেওঁ জনপ্ৰিয় আছিল । সেই সময়তে জ্যোতিৰূপাৰ একাংকিকা নাট প্ৰতিযোগিতাৰ বাবে ‘ঐক্যতান’ৰ বেনাৰত সঞ্জীৱ হাজৰিকাই পৰিচালনা কৰিবলৈ সাজু হৈছিল ‘দ্বীপ’ নামৰ এখন নাটক । এই নাটকখনৰ বাবে সঞ্জীৱ হাজৰিকাই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিলে ক্ৰিকেটাৰ জয়ন্ত দাসক । লক্ষ্যণীয়ভাবে সেই ‘দ্বীপ’ নাটকখনত অভিনয় কৰিয়েই জ্যোতিৰূপাৰ সেইবছৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় জয়ন্ত দাসে । ইয়াৰ পাছতেই ক্ৰিকেটাৰ জয়ন্ত দাসৰ এখন নতুন ক্ষেত্ৰত ব্যস্ততা বাঢ়ি গ’ল অভিনেতা হিচাপে । অৱশ্যে ক্ৰিকেট তেওঁ এৰি দিয়া নাছিল । প্ৰীতি ক্ৰিকেট মেচসমূহত পাছলৈও দেখিবলৈ পোৱা গৈছিল জয়ন্ত দাসক ।