বৃহত্তৰ ফটাশিল আমবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ আলোচনা চক্ৰ

বৃহত্তৰ ফটাশিল আমবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ আলোচনা চক্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বৃহত্তৰ ফটাশিল আমবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ আলোচনা চক্ৰখন ১৪ ডিচেম্বৰত চম্পাৱতী হাইস্কুল প্ৰাংগনত অনুষ্ঠিত হয়৷সম্পাদক শুভাংসু মড়লে উদ্দেশ্য ব্যাখ্যা কৰা সভাত পৌৰোহিত্য কৰে সভাপতি দ্বিজেন্দ্ৰ নাথ শৰ্মাই৷বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু স্বৰ্ণ শাখা সাহিত্য সভাৰ সদস্যাই আৰম্ভণী গীতেৰে শুভাৰম্ভ কৰা আলোচনা চক্ৰৰ সভাত ’ইয়ান্দাবু সন্ধি আৰু অসমীয়া ভাষাৰ গতি প্ৰকৃতি’ বিষয়ৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অধ্যাপক ড° মুকুল চক্ৰৱৰ্তীয়ে বিশদভাৱে বক্তব্য প্ৰদান কৰে৷সভাত উপস্হিত বিশিষ্ট ব্যক্তিসকক একোটিকৈ গছপুলি উপহাৰ হিচাপে আগবঢ়ায়৷সভাত চম্পাৱতী হাইস্কুলৰ প্ৰধান শিক্ষক বালিৰাম বসুমতাৰী, গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ সভাপতি শিৱ প্ৰসাদ ভট্টাচাৰ্য,আমবাৰী সাহিত্য চ’ৰাৰ উপ- সভাপতি শৈলেন্দ্ৰ চন্দ্ৰ কলিতা,ৰামধেনু সাহিত্য সভাৰ সভাপতি ধনজিৎ তালুকদাৰ,বৃহত্তৰ ফটাশিল আমবাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ উপ- সভাপতি নিৰদা দেৱীয়ে ভাষণ দিয়ে৷সভাত গীতিকা দাসে বৰগীত আৰু বিদ্যালয়ৰ ছাত্ৰী উদেষা(Udasna) নাথে কবিতা আবৃত্তি কৰি উপস্হিত আটাইকে আমোদ দিয়ে৷