এটা সপোন দেখিলোঁ
অমূল্য চেতিয়া
মেটেকা, শিৱসাগৰ
এটা সপোন দেখিলোঁ
লুইতখন উভতি বৈছে,,,
মাছ-কাছই আনন্দত নাচিছে
গাঁওবোৰে প্ৰাণ পাই উঠিছে
খেতিপথাৰত উৰ্বৰতা বাঢ়িছে
বজাৰবোৰ আমাৰ হৈ পৰিছে!
পিছে মহাজন বোৰ লোদোৰ-পোদোৰ হৈছে,
লুণ্ঠনৰ হাতোৰা অবাধ ক্ষমতা
খঁক ক’তোৱেই নকমে!
যদিও লুইতখন উভতি বৈছে,,,
সপোনত এখন মৰুভূমি দেখিলোঁ
তাত গাধই বোজা কঢ়িয়াইছে,
শিয়াল বলীয়ান হৈ ওভত গোৰে নাচিছে,
অবাক হোৱাৰে পাল!
তাত মৰা মানুহেও মাছুল ভৰিছে,
নিশকতীয়া পুখুৰীত ৰৌ বৰালিয়ে গমগমাইছে,,,
সেইবাবেই ৰজাক কৰ দিব লাগে
যদিও লুইতখন উভতি বৈছে,,,
সপোনত এখন কাৰাগাৰ দেখিলোঁ,
তাত চিঞৰি থকাবোৰক লৌহ শিকলি,,,
মৌনবোৰক সসন্মানে ৰেহাই
যদিও অক্ষমণীয় অপৰাধ,
যেন শব্দক শূলত দিয়া হৈছে!
হঠাৎ সাৰ পাই মতিভ্ৰম,
সপোন আৰু বাস্তৱৰ প্ৰভেদ বিচাৰিলোঁ,,,