শিল্পীসকলৰ সামাজিক দায়ৱদ্ধতা থকা  উচিত – নাছিৰ আহমেদ

শিল্পীসকলৰ সামাজিক দায়ৱদ্ধতা থকা  উচিত
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
সুকুমাৰ কলা, যেনে — সাহিত্য , সংগীত, নাটক, চিত্ৰ ভাস্কৰ্য আৰু স্থাপত্যৰ লগত জড়িত সৃজনীশীল সৃষ্টিৰ অধিকাৰী বিশিষ্ট ব্যক্তি সকলক সাধাৰণতে শিল্পী হিচাপে অভিহিত কৰা হয়।এই শিল্পসকল হ’ল , সত্য-শিৱ-সুন্দৰৰ সাধক। তেওঁলোকে বিভিন্ন মাধ্যমৰ জৰিয়তে যেনে- কবি, সাহিত্যিক, গীতিকাৰ আৰু নাট্যকাৰে কবিতা, গল্প প্ৰবন্ধ, উপন্যাস, নাটক আদি লিখি বিশ্বব্ৰহ্মাণ্ড তথা মানৱ সভ্যতাৰ ক্ৰমবিকাশ বিভিন্ন দিশ চালি জাৰি চাই অন্তৰ্নিহিত দাৰ্শনিক সত্যক উদ্ঘাটন কৰে । চিত্ৰকৰে ৰং আৰু হাইতালেৰে, ভাস্কৰ্যবিদ আৰু স্থাপত্যবিদে সূক্ষ্ম অস্ত্ৰ ব্যৱহাৰ কৰি উদ্ঘাটিত দাৰ্শনিক সত্যৰ অমূৰ্ত ৰূপক মূৰ্ত ৰূপ দান কৰে। নাটক বা বোলছবিৰ নায়ক নায়িকাই সংলাপ আৰু বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা এই মূৰ্ত  সত্যক জীৱন্ত কৰি তোলে। সংগীত পৰিবেশনৰ মাজেৰে সুৰৰ ঝংকাৰ সৃষ্টি কৰি গায়কে এই চিৰন্তন সত্যক সকলোৰে হৃদয়ত বোধগম্য কৰি তোলে।শিল্পীসকলে চিৰন্তন সত্যৰ মাজত থকা শিৱৰ অৰ্থাৎ মঙ্গলময় সত্তাৰ স্বৰুপ দাঙি ধৰে। আৰু এই মঙ্গলময় সত্তাক অনিৰ্বচনীয় সীমাহীন সৌন্দৰ্যৰ ধল নমাই দি সত্য-শিৱ-সুন্দৰৰ মূল আধাৰক অনুধাৱন কৰিবলৈ সমাজৰ সৰ্বত্ৰতে উদাৰ ভাবে বিলাই দিয়ে।প্ৰকৃততে শিল্পীসকল হ’ল, সমাজৰ চালিকা শক্তি আৰু সমাজৰ সকলো মানুহৰ তেজত প্ৰবাহিত কৰা অম্লজান গেছ-স্বৰূপ।কেৱল সেয়ে নহয়, শিল্পীসকল হ’ল, সমাজৰ অতন্দ্ৰ প্ৰহৰী। যেতিয়া সমাজত অন্যায় অত্যাচাৰ ব্যাভিচাৰ হত্যা লুট ধৰ্ষণ আদি অপকৰ্ম সক্ৰিয় হৈ পৰে , তেতিয়া শিল্পীয়ে বিভিন্ন মাধ্যমৰ জৰিয়তে এই অপকৰ্মৰ বিৰুদ্ধে প্ৰতিবাদ কৰে। এখন দেশৰ স্বাধীনতা আন্দোলন, গণ-বিক্ষোভ, সামন্ততন্ত্ৰ -ৰাজতন্ত্ৰ ওফৰাই দি গণতন্ত্ৰ আৰু সমাজতান্ত্ৰিক প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত কৰাৰ বাবেও শিল্পীসকলে সদায় অগ্ৰগণ্য ভূমিকা পালন কৰে। ফৰাচী বিপ্লৱৰ সূচনা হোৱাৰ সময়ত বিখ্যাত চিন্তাশীল লেখক ৰুছোৰ দেশ গঠনৰ ধাৰণা আৰু ব্যাঙ্গাত্মক সমালোচক ভলটেয়াৰৰ কেণ্ডিড গ্ৰন্থখনে যথেষ্ট অৰিহণা যোগাইছিল।মেক্সিম গৰ্কীৰ মাদাৰ উপন্যাস, কাৰ্ল মাৰ্ক্সৰ ডাচ কেপিটেল আৰু লেনিনৰ বিভিন্ন গ্ৰন্থৰাজিৰ বিপ্লৱী চিন্তাধাৰাই ৰুছ বিপ্লৱ সম্ভৱ কৰি তুলিছিল।পল‌ ৰবচনৰ গীত আৰু কবিতাই আমেৰিকাৰ শ্বেতাংগৰ  দ্বাৰা শোষিত কৃষ্ণাংগ নিগ্ৰো জনগোষ্ঠীক মুক্তিৰ সন্ধান দিছিল।‌ আৰ্জেণ্টিনাৰ ছেগুৱেভাৰাৰ বিপ্লৱী উক্তিসমূহে লাতিন আমেৰিকাৰ শোষণৰ বলি হৈ দাৰিদ্ৰ্য-ক্লীষ্ট জীৱন নিৰ্বাহ কৰা নিৰীহ জনগণৰ বুকুত বিপ্লৱৰ জুই জ্বলাই দিছিল।ভাৰতৰ স্বাধীনতা আন্দোলনৰ  সময়ত বিদ্ৰোহী কবি কাজি নজৰুল ইছলামে বিদ্ৰোহী কবিতা আৰু গানেৰে ভাৰতীয় জনগণক সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰিবলৈ উদ্বোধ্য কৰিছিল। অসমৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা আৰু ডঃ ভূপেন হাজৰিকাই কবিতা আৰু গীতেৰে  অসমীয়া সমাজত স্বাধীনতা আন্দোলন আৰু প্ৰগতিশীল  বিপ্লৱী চিন্তাধাৰা বোঁৱাই দিছিল।বৰ্তমান অসমত যেন এই ধাৰা ক্ৰমে ক্ষীণ হৈ পৰিছে।অসমৰ কবি সাহিত্যিক গীতিকাৰ সুৰকাৰ নাট্যকাৰ, অভিনেতা, গায়ক আদি শিল্পী সকলোৱে ” Art for art’s sake” ভাৱধাৰাৰ দ্বাৰা প্ৰভাৱান্বিত হৈ কেৱল আনন্দ – বিনোদনৰ বাবে শিল্পী-কৰ্ম কৰি আছে। মেথিউ আৰ্নল্ডৰ ” Art for life’s sake” নীতিৰ দ্বাৰা পৰিচালিত হোৱা দেখা নাযায়।অসমীয়াৰ হাৰ্ট থ্ৰব জুৱিন গাৰ্গেও যথেমথে অশালীন মন্তব্য কৰি সমাজৰ প্ৰগতিশীল চিন্তাধাৰাৰ ক্ষেত্ৰত  প্ৰতিবন্ধকতা সৃষ্টি কৰা দেখা যায়।অথচ, বৰ্তমানো অসমীয়া সমাজৰ জনগণ সাম্ৰাজ্যবাদী- পুঁজিপতি শ্ৰেণীৰ দ্বাৰা শোষিত হৈ আছে। সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিয়ে সমাজখন যেন ক্ৰমশঃ ধ্বংসৰ গৰাহত পৰিছে।গতিকে এই ক্ষেত্ৰত অসমৰ শিল্পীসকলে সামাজিক দায়ৱদ্ধতা চিন্তাধাৰাৰ দ্বাৰা পৰিচালিত হৈ যাতে তেওঁলোকৰ সুকুমাৰ শিল্প-কৰ্ম ( Fine Arts) অবিৰতভাবে চলাই থাকে।