সৰ্বাধিক ভোট লাভ কৰি আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থালৈ পুনৰ নিৰ্বাচিত হৈছে ভাৰত 

সৰ্বাধিক ভোট লাভ কৰি আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থালৈ পুনৰ নিৰ্বাচিত হৈছে ভাৰত 

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতে আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাৰ ৩৩তম পৰিষদীয় অধিৱেশনত সর্বাধিক ভোট লাভ কৰি ২০২৪-২৫ বৰ্ষৰ বাবে সংস্থাৰ পৰিষদলৈ পুনৰ নিৰ্বাচিত হয়। ইয়াৰ যোগেদি সামুদ্রিক ভাৰত ভিজন ২০৩০ অনুসৰি সামুদ্রিক বাণিজ্যৰ সম্ভাৱনা বৃদ্ধি আৰু অন্বেষণৰ দিশত ভাৰতৰ প্ৰচেষ্টা অধিক ত্বৰান্বিত হ’ব। ভাৰতক অষ্ট্ৰেলিয়া, ব্রাজিল, কানাডা, ফ্রান্স, জার্মানী, নেডাৰলেণ্ড, স্পেইন, চুইডেন আৰু ইউএই-ৰ সৈতে ‘আন্তঃৰাষ্ট্ৰীয় সাগৰীয় বাণিজ্যত সর্বাধিক আগ্রহ’ শিতানৰ অধীনত নিৰ্বাচিত কৰা হৈছে। এই সন্দর্ভত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “এয়া ভাৰতৰ সামুদ্রিক খণ্ডৰ বাবে এক আনন্দৰ খবৰ যিহেতু আমি বিশ্বৰ শীর্ষ সামুদ্রিক শক্তিসমূহৰ ভিতৰত নিজকে অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছোঁ। মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বৰ পৰা অপৰিসীম কূটনৈতিক গুৰুত্ব লাভ কৰিছে, যাৰ ফলশ্ৰুতিত বিশ্বৰ শীৰ্ষ সামুদ্রিক সংস্থাত আমাৰ প্ৰতিনিধিত্ব বৃদ্ধি হৈছে। মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ সবল নেতৃত্বত বিশ্বৰ আগশাৰীৰ সামুদ্রিক শক্তি হিচাপে ভাৰতৰ উত্থানৰ এক প্রমাণ হৈছে এই অন্তর্ভুক্তি। এই অভিনৱ কৃতিত্বৰ বাবে মই বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ বৃহৎ টীমটোক অভিনন্দন জনাইছোঁ। এই সুযোগৰ জৰিয়তে মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে ভাৰতে সামুদ্রিক বাণিজ্য আৰু বিশ্বৰ সামুদ্রিক উন্নয়নৰ ভৱিষ্যতৰ পথ গঢ়ি তোলাত অগ্রণী ভূমিকা পালন কৰিব। এই সামুদ্রিক অভিযানত ভাৰতৰ অৱদান অধিক শক্তিশালী কৰাৰ বাবে আমি সংকল্প লৈছো।” উল্লেখযোগ্য যে- আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থা (আইএমঅ’) হৈছে বিশ্বৰ এক আগশাৰীৰ সামুদ্রিক কর্তৃপক্ষ যিয়ে সামুদ্রিক উদ্যোগ নিয়ন্ত্রণ কৰে; যিয়ে বিশ্বব্যাপী বাণিজ্য, পৰিবহণ আৰু সকলো সামুদ্রিক অভিযানৰ দিশ ত্বৰান্বিত কৰাত আগভাগ লয়। ২৭ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰ ২০২৩লৈ আইএমঅ’ৰ মুখ্য কাৰ্যালয় লণ্ডনত ৩৩তম পৰিষদীয় বৈঠক অনুষ্ঠিত হৈছে। আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সংস্থাৰ অধীনত অন্তর্ভুক্ত আছে ১৭৫ খন সদস্য ৰাষ্ট্ৰ আৰু তিনি সহযোগী সদস্য। এইবাৰৰ সভাত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিছে ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ সচিব টি কে ৰামচন্দ্ৰনে, লগতে আছে জাহাজ পৰিবহণ সঞ্চালক প্রধান শ্যাম জগন্নাথন, ডিজিএছ-ৰ বিষয়া, লণ্ডনস্থিত ভাৰতীয় উচ্চ আয়োগৰ বিষয়া আৰু উদ্যোগৰ প্ৰতিনিধি আদি। আইএমঅ’ত প্রতিনিধিত্ব বৃদ্ধিৰ বাবে ভাৰতে সামুদ্রিক ভিজন ২০৩০ৰ অধীনত আইএমঅ’ লণ্ডনত স্থায়ী প্রতিনিধি নিয়োগ কৰাৰ লক্ষ্য ৰাখিছে। ভাৰতৰ ‘অমৃতকাল ভিজন ২০৪৭’এ বিশ্বব্যাপী ভাৰতৰ সামুদ্রিক উপস্থিতি শক্তিশালী কৰাৰ লক্ষ্যও নিৰ্ধাৰণ কৰিছে। এই অমৃতকাল ভিজনৰ পৰিকল্পনাৰ অংশ হিচাপে ৪৩টা পদক্ষেপ চিনাক্ত কৰা হৈছে, যাৰ ভিতৰত আছে বিশ্বব্যাপী ভাৰতৰ সামুদ্রিক উপস্থিতি শক্তিশালী কৰাত গুৰুত্ব দিয়াৰ উপৰি ভাৰতত সমর্পিত আইএমঅ’ কোষ স্থাপন, লণ্ডনৰ আইএমঅ’ মুখ্য কার্যালয়ত স্থায়ী প্রতিনিধি নিযুক্তি, বিমষ্টেক মাষ্টাৰ প্লেন ৰূপায়ণ, সময়মতে আঞ্চলিক প্রকল্পসমূহৰ ৰূপায়ণ নিশ্চিত কৰাৰ বাবে এক শক্তিশালী বিমষ্টেক প্রতিষ্ঠানগত পৰিকাঠামো গঢ় দিয়া ইত্যাদি।