আঘোণ-সুনম বিশ্বাস

Pc- অসমীয়া সাহিত্যৰ চানেকি

আঘোণ

সুনম বিশ্বাস
                               গোৰেশ্বৰ, তামুলপুৰ

আঘোণ মানেই হাড়-কপোৱা শীত
আঘোণ মানেই জুইহালৰ আমেজ,
আঘোণ মানেই সাধুকথাৰ জোৱাৰ
আঘোণ মানেই পথাৰৰ ব্যস্ততা
আসোন মানেই সোণগুটি বুটলা
আঘোণ মানেই কৃষকৰ সপোনৰ ৰহঘৰা
আঘোণ মানেই দাৱনীৰ মুখত হাঁহি বিৰিঙা
আঘোণ মানেই লখিমী আদৰা।
আঘোণ মানেই আগন্তুক মাঘৰ বতৰা,
আঘোণ মানেই আশাৰ নিজৰা
আঘোন মানেই সোনোৱালী চৌপাশ
আঘোণ মানেই ডাঙৰিৰ বোজা
মূৰত লৈ ঘৰমুৱা হোৱা।
আঘোণ মানেই ৰ’দত বহি
ৰবাব টেঙাৰ জুতি লোৱা,
আঘোণ মানেই গোটেই বছৰৰ
ভৰাঁল চহকী কৰা।
আঘোণ মানেই সমস্ত সুখৰ বতৰা
আঘোণ মানেই ৰিঙিয়াই মাতে
শৈশৱৰ ধেমালিৰ সেই বালিচৰা।
আঘোণ মানেই নৰা কাটি
গোটাই থোৱা মাঘৰ বিহু বুলি
আঘোণ মানেই সপোনৰ পুলি,
ফুলে -ফলে পুষ্পিত হোৱা।
আঘোণ মানেই আশা ভৰা
সুদিনৰ সোপান বাস্তাৱায়িত
কৰাৰ অশেষ প্রেৰণা ,
আঘোণ মানেই  সমুজ্জ্বল সম্ভাৱনাৰ
কর্মোদ্দীপনাৰ মাধুৰীমা…।