বজালীত প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত পঞ্জীয়ন কাৰ্যসূচী

বজালীত প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত পঞ্জীয়ন কাৰ্যসূচী

নিতু মণি দাস,ভৱানীপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ দেশৰ লগতে বজালী জিলাতো ৩০ নৱেম্বৰ আৰু ১ ডিচেম্বৰত দুদিনীয়াকৈ প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাৰ অধীনত হিতাধিকাৰী পঞ্জীয়নৰ কাৰ্যসূচী হাতত লোৱা হৈছে। বজালী জিলাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা মহিলা সবলীকৰণ কেন্দ্ৰৰ তত্বাৱধানত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত জিলাখনৰ ৪টা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত উত্তৰ বজালী উচ্চ মাধ্যমিক বিদ্যালয়, মুগুৰীয়া আৰু ১৫২৩ সৰ্বে বৈশ্য প্ৰাথমিক বিদ্যালয়, ভৱানীপুৰত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। উল্লেখযোগ্য যে জিলাখনৰ প্ৰায় ১২০ গৰাকী হিতাধিকাৰীৰ নাম এই আঁচনিৰ অধীনত পঞ্জীয়ন হয়।