ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ডি এন এ এনালাইজাৰলৈ ২০২৩ চনৰ অষ্টম ই-নৰ্থ ইষ্ট বঁটা

 ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ডি এন এ এনালাইজাৰলৈ ২০২৩ চনৰ অষ্টম ই-নৰ্থ ইষ্ট বঁটা

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ ডি এন এ এনালাইজাৰে (DNA Analyzer) স্বাস্থ্য আৰু সুস্থতা শাখাৰ অধীনত ২০২৩ চনৰ অষ্টম ই-নৰ্থ ইষ্ট বঁটা লাভ কৰিছে। যোৱা ২৫ নৱেম্বৰত গুৱাহাটীত কাউন্সিল ফৰ ছ’চিয়েল এণ্ড ডিজিটেল ডেভেলপমেণ্ট (চি এছ ডি ডি), ডিজিটেল এম্পাৱাৰমেণ্ট ফাউণ্ডেশ্যন (ডি ই এফ) আৰু নৰ্থ ইষ্ট ডেভেলপমেণ্ট ফাউণ্ডেশ্যনৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত এই ই-নৰ্থ ইষ্ট বঁটা প্ৰদান কৰা হয়। ই-নৰ্থ ইষ্ট বঁটাৰ জৰিয়তে ২০১০ চনৰ পৰা ভাৰতৰ  উত্তৰ-পূব অঞ্চলত বহনক্ষম উন্নয়নৰ বাবে উদ্ভাৱনী মূলক ডিজিটেল সমাধানক স্বীকৃতি আৰু প্ৰচাৰ কৰি আহিছে স্বাস্থ্য আৰু সুস্থতা শাখাত এই বঁটা প্ৰদান কৰা হয় অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ অণুবিদ্যুৎ আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগৰ অধ্যাপিকা ড° হেমাশ্ৰী বৰদলৈৰদ্বাৰা সৃষ্ট ডি এন এ এনালাইজাৰক।  ই এটা ৱেব ভিত্তিক ডি এন এ ক্ৰমবিন্যাস সঁজুলি যিটো ৰোগ ধৰা পেলোৱাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।   ড° হেমাশ্ৰীয়ে ই- নৰ্থ ইষ্ট এৱাৰ্ডৰ আয়োজকসকলক সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে কৰা তেওঁৰ গৱেষণামূলক কামক স্বীকৃতি দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ লগতে কয় যে ই তেওঁক সমাজৰ উন্নতিৰ বাবে গৱেষণা অব্যাহত ৰাখিবলৈ প্ৰেৰণা দিব।