হৃদয়ৰ আহ্বান – প্ৰাণ প্ৰতিমা বড়া

হৃদয়ৰ আহ্বান
প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী
সময়ে বাগৰ সলাইছে
মানুহবোৰ সলনি হৈছে
হৃদয়ৰ আৱেগত শিপাইছে
অনৌচিত্ৰই
জীয়া উশাহবোৰ এতিয়া বন্ধকত
চৌদিশে  মাথোঁ দুঃসময়
চৌপাশে বিয়পিছে
ব্যভিচাৰ-হত্যা- লুণ্ঠন- ধৰ্ষণৰ
সম্পৰ্কবোৰত মামৰে ধৰিছে
মাতৃ-ভগ্নি- ভাতৃত্বৰ আৱেগবোৰত ঘুণে ধৰিছে
মানুহৰ হৃদয়ত অন্তঃসাৰশূন্যতাই আলয় পাতিছে
মৰম-চেনেহ-আদৰৰ তেনেই নাটনি
অনিত্য চিন্তাই আউল লগাইছে সুচিন্তাৰ আৱৰণত
কুলি-কেতেকীৰ মধুৰ গুঞ্জন
আজি বিস্মৃতিৰ বুকুত
পালতৰা নাওঁখনিৰ উভতনি যাত্ৰা
মহাবাহুৰ বুকুত
আজিও আশাবাদী
মানুহৰ হৃদয়ত শুভ্ৰতাৰে ভৰি পৰক
হৃদয়ত সঞ্জাতপুষ্পৰে পুষ্পিত হওঁক আৱেগৰ
ধৰাৰ বুকুত পুষ্পিত হওঁক
এপাঁহি ৰঙা গোলাপৰ
সেইপাঁহি মাথোঁ প্ৰেমৰ-আৱেগৰ-হেঁপাহৰ…