“অসমৰ পঞ্চ শ্বহীদৰ ত্যাগক ভেঙুচালি কৰি বিদেশীক সংস্থাপিত কৰিব বিচৰা বিজেপি চৰকাৰৰ অপচেষ্টাক মানি লোৱা ন’হব” -ৰিপুণ বৰা

Pc wikipedia

“অসমৰ পঞ্চ শ্বহীদৰ ত্যাগক ভেঙুচালি কৰি বিদেশীক সংস্থাপিত কৰিব বিচৰা বিজেপি চৰকাৰৰ অপচেষ্টাক মানি লোৱা ন’হব” -ৰিপুণ বৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত “কা” সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰই কৰা মন্তব্যৰ পাছতেই উত্তাল হৈ পৰিছে দেশৰ ৰাজনৈতিক পৰিৱেশ। অসমত কোনো কাৰণতে ‘কা’ কাৰ্যকৰী হ’ব নিদিয়াৰ হুংকাৰ অসম তৃণমূল কংগ্ৰেছৰ। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই “কা” কাৰ্যকৰী কৰিব বিচৰা বিষয়টো অসম আৰু অসমীয়াৰ আৱেগ, স্বাভিমানক কৰা চুড়ান্ত অপমান বুলি উল্লেখ কৰে। নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, “এয়া বিজেপি চৰকাৰৰ ধ্বংসৰ আগজাননী, বিৰোধীৰ উত্থানত বিজেপি শংকিত হৈ ভয় আৰু শংকাতেই এনেধৰণৰ কথা কৈ আছে। আমি অসমীয়াই কোনোপধ্যেই “কা” মানি ল’ব নোৱাৰোঁ। “কা”ৰ বিৰুদ্ধে কৰা প্ৰতিবাদত আমি অসমীয়াই পাঁচগৰাকীকৈ নিৰীহক হেৰুৱালো, তাৰ পাছতো যদি বিজেপিয়ে ’কা’ কাৰ্য্যকৰী কৰাৰ কথা কবলৈ সাহস কৰিছে, এয়া অসম আৰু অসমীয়াৰ আৱেগ আৰু স্বাভিমানক কৰা চূড়ান্ত অপমান আৰু ভেঙুচালি। এইবাৰ বিজেপি চৰকাৰৰ পতন নিশ্চিত। ‘চগাৰ পাখি গজে মৰিবলৈ, উৰিবলৈ নহয়’, ঠিক সেইদৰে বিজেপিৰ পাখি গজিছে। প্ৰত্যেক দিনাই বিজেপিয়ে নতুন নতুন বিতৰ্কৰ সূচনা কৰি দেশৰ পৰিস্থিতি বিনষ্ট কৰাৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বস্তু বোৰৰ পৰা জনসাধাৰণৰ দৃষ্টি অন্যদিশে নিবলৈ চেষ্টা কৰি আহিছে, সাধাৰণ জনগনক বিজেপিয়ে মূৰ্খ বুলি ভাবিছে। পূৰ্বৰ নিৰ্বাচনত বিজেপিয়ে ‘কা’ বলবৎ কৰাৰ কথা কৈছিল, এইবাৰ তেওঁলোকে ‘কা’ৰ অধিনিয়ম প্ৰস্তুত কৰাৰ কথা কৈছে। তেওঁলোকে এনেধৰনৰ এক জাতি ধ্বংসী আইনক নিৰ্বাচনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। ‘কা’ আন্দোলনত নিহত পঞ্চ শ্বহীদৰ প্ৰতি তিলমাত্ৰাও শ্ৰদ্ধা নাই বিজেপি চৰকাৰ খনৰ, ধিক্কাৰ বিজেপি চৰকাৰ। বিদেশীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। বিজেপিয়ে হিন্দু বিদেশীৰ নামত ৰাজনীতি কৰিছে, ধৰ্মীয় মেৰুকৰণ কৰিছে। যদি ইমানেই বিজেপিৰ বিদেশীৰ প্ৰতি দৰদ তেন্তে সেই বিদেশীক নৰেন্দ্ৰ মোডী বা অমিত শ্বাহৰ নিজৰ ৰাজ্যত ৰাখক কিন্তু অসমত নহয়। আমি অসম তৃণমূল কংগ্ৰেছে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা কোনো অপশক্তিকে সফল হ’বলৈ নিদিও। অনাগত সময়ত অসম আৰু অসমীয়াৰ স্বাৰ্থত জংগী আন্দোলন কৰিবলৈও আমি প্ৰস্তুত।”