অমৃত বৃক্ষ ৰুপণত সেউজীকৰণৰ ভৱিষ্যত
দিপ্তী মনি গোস্বামী, লখিমপুৰ
পৃথিৱীত জীৱ শ্ৰেষ্ঠ মানৱেই ধ্বংস আৰু সৃষ্টিৰ মূল।মানুহে সাজিবও পাৰে, ভাঙিব ও পাৰে ইতিহাস। সেই কথাৰ আঁত ধৰিয়েই এই কলম… জীৱ শ্ৰেষ্ঠ মানৱে সেউজীয়াৰ ওপৰত ধ্বংস যজ্ঞ চলাই সেউজীয়া পাহাৰৰ গা কাটি কংক্ৰিতৰ পাহাৰ বনোৱাৰ ফলত গোলকীয় উষ্ণতা বৃদ্ধি হৈ জনসাধাৰণক জ্বলা-কলা খুওৱাৰ সময়তে বন বিভাগৰ উত্তম পদক্ষেপ অমৃত বৃক্ষ ৰুপণ। সেই সেউজ আন্দোলনত সমগ্ৰ ৰাজ্যবাসীয়ে সহযোগ কৰিছে ই এক ধনাত্মক ধাৰা কিন্তু এই ধাৰাৰ প্ৰসাৰতা আৰু ভৱিষ্যত ; ভৱিষ্যতৰ হাতত আৱদ্ধ ! পৰিবেশ দিৱসৰ দিনা যি ধৰনে এটি গছ পুলি ৰুৱাৰ জোৱাৰ উঠে, আমি সকলোৱে দেখি আহিছোঁ, খুউব ভাল লাগে ৰাইজৰ তেনে উৎসাহ উদ্দীপনা দেখি কিন্তু, পৰিতাপৰ কথা যে কেইমাহমানৰ পিছত সেই পুলি ৰুপণ কৰা ঠাইদখৰত একো অৱশিষ্ট বিচাৰি পোৱা নাযায়(কিছুমান ঠাইত) মাথোঁ পুলি ৰুই আপলোড দিয়া প্ৰত্যেক জনৰে ফটোবোৰ হয়তো ক’ৰবাত থাকি যায় পৰিবেশ সেউজীকৰণৰ নামত স্কুলৰ ফিল্ডৰ পৰা আৰম্ভ কৰি ৰাষ্টাৰ দুয়োকাষে বৃক্ষ ৰুপন কৰা আমি বহুত দেখিবলৈ পাইছিলো কিন্তু এতিয়া তাত একো চিন-মোকাম দেখিবলৈ নাই। বাৰু, যি নহওক এতিয়া সেইটো অধ্যায় বাদ দি অমৃত বৃক্ষ ৰুপণলৈ আহোঁ…..গোলকীয় উষ্ণতাই জুৰুলা কৰা আমাৰ শুকান পৰিবেশৰ লগতে এতিয়া খৰালিৰ আৰম্ভণি। খৰালি বতৰত সাধাৰণতে বৰষুণৰ পৰিমাণ যথেষ্ট কম হয়, আমাৰ পিৰালিত থকা ফুল জোপা জীয়াই ৰাখিবলৈকে বহুতো কষ্ট কৰিবলগীয়া হয়, তেনে স্থলত আমি বাৰীৰ ঢাপত ৰুই থোৱা পুলিটোৰ কথা যদি কেইদিনমানৰ পাছতে পাহৰি যাওঁ , তেতিয়া তাৰ আয়ুস অতি সোনকালেই শেষ হ’ব।সেয়ে বৃক্ষ ৰুপণ কৰা সকলোৱে যদি পুলিটোৰ প্ৰতিপালন দিনলিপিৰ এটি অংশ হিচাপে লয়, তেতিয়া সি আমাৰ লগতে আমাৰ দৰে বাচি থাকিবলৈ সক্ষম হ’ব। তেতিয়া আমি সেউজীকৰণত সফল হৈ এটি সুন্দৰ বাতাবৰণৰ পৰিবেশ গঢ়ি তুলি গোলকীয় উষ্ণতা হ্ৰাস কৰি আমাৰ ঠাই সমূহ অনাগত বহু দিনলৈ বাসোপযোগী কৰি ৰাখিব পাৰিম । অমৃত বৃক্ষ ৰুপণ যেন কেৱল শ্লোগান নহৈ জননীৰ জয় গান হওঁক ।