দস্তানাৰ এখন হাত
(Democracy is the road to Socialism)
অনুপম কলিতা
পাভজান গাঁও
বৰনৈৰ বোকা গছকি আগবাঢ়িছে
মিচৰৰ সেই অচিন বতাহজাক ।
পিৰামিডৰ ৰহস্য সন্ধানী সিঁঁহত !
দাক্ষিণাত্যৰ সেই কলচীয়া ডাৱৰেও
খলকনি তুলিছিল মোৰ পিতাইৰ শীতৰ ধাননিত।
জুইৰ ওপৰত মেলি দিছিল এযোৰ পোচাকী সত্ত্বা!
মাটিৰ বিষন্নতা তিঁয়াই জননীয়ে কান্দিছিল,
নাজনোঁ কিয়? হয়তো তেওঁৰ অপ্ৰিয়
” খ্ৰীষ্ট দি ৰিডিমা’ৰ হাজাৰ শূণ্য আলিঙ্গন!
নগ্নপ্ৰায় দেশত সিঁচি দিছিল এটি
বৰধানৰ সঁচ , স্বপ্ন জীৱন সীঁৰলুত প্ৰাণপূৰ্ণতা।
কিন্তু পানীৰ বুকুত সাঁচ বহোৱা এটি সত্ত্বাই
তেওঁক এতিয়াও আমনি কৰে ,
কুমলীয়া দুগালত ৰাখি যায় চিন শোষণৰ।
কোনোবা একাকী কবিৰ বোকোচাত উঠি,
আকৌ আহিছে তাই ,ওৰণিৰ তলৰ মধুযামিনী।
জিলিকিছে দস্তানাৰ এখন হাত ….!