দৰঙত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ

দৰঙত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভ

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত দুমুনীচকী গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰাঙ্গনত যোৱাকালি বিকশিত ভাৰত সংকল্প যাত্ৰাৰ শুভাৰম্ভণি হয়। এই যাত্ৰাৰ বাবে সুসজ্জিত বাহনখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই। এই বাহনত সংযুক্ত এল ই ডি স্ক্ৰীণযোগে পঞ্চায়ত সমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ পৰিৱেশনৰ লগতে চুটি ছবি প্ৰদৰ্শন কৰা হ’ব।অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমগ্ৰ দেশেই প্ৰগতিৰ দিশত দ্ৰুতগতিৰে আগবাঢ়িছে। বৰ্তমান চৰকাৰৰ কাৰ্যকালত সমাজৰ সকলো অঞ্চলৰ লোকৰে যাতে উন্নয়ন সাধন হয় তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। একেবাৰে পিছপৰা অঞ্চলৰ মানুহেও যাতে উন্নয়নৰ ফল ভোগ কৰিব পাৰে সেই উদ্দেশ্যে আগত ৰাখি চৰকাৰী আঁচনিসমূহ ৰূপায়ন কৰি থকা হৈছে। সাংসদগৰাকীয়ে এই প্ৰসংগত জন ধন যোজনা, পি এম বিশ্বকৰ্মাৰ পৰা জলজীৱন মিছনলৈকে বিভিন্ন চৰকাৰী আঁচনিয়ে জনসাধাৰণক কেনেকৈ লাভান্বিত কৰিছে তাৰ ব্যাখ্যা আগবঢ়ায়। আজিৰ সভাত ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে বৰ্তমান চৰকাৰে ৰূপায়ন কৰা বিভিন্ন আঁচনিয়ে নগৰাঞ্চল-গ্ৰামাঞ্চলত বাস কৰা সকলোৰে জীৱনলৈ ব্যাপক পৰিৱৰ্তন আনিছে । বিধায়কগৰাকীয়ে তেওঁৰ ভাষণত প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, প্ৰধানমন্ত্ৰীৰ উজ্বলা যোজনা, প্ৰধানমন্ত্ৰী পোষণ অভিযান আদি বিভিন্ন আঁচনিৰ পৰা জনসাধাৰণ কিদৰে উপকৃত হৈছে সেই বিষয়ে উল্লেখ কৰে। তেওঁ কয় যে আগন্তুক দিনতো উন্নয়নৰ এই ধাৰা অব্যাহত থাকিব। অনুষ্ঠানত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে দৰং জিলাত এই যাত্ৰাৰ কাৰ্যসূচীৰ সবিশেষ উল্লেখ কৰে । তেওঁ এই যাত্ৰাই সামৰিলোৱা বিভিন্ন বিভাগৰ আঁচনিসমূহৰ বিষয়েও উপস্থিত ৰাইজক অৱগত কৰে। উক্ত এই শুভাৰম্ভণি অনুষ্ঠানত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মানস দাস, জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাৰ লগতে বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল, পঞ্চায়তৰ প্ৰতিনিধি আৰু বিষয়ববীয়া, বিশিষ্ট নাগৰিকৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে। আনহাতে দুমুনীচকী গাঁও পঞ্চায়তৰ পিছতে গনেশকুৱৰী গাঁও পঞ্চায়তত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত পংকজ কুমাৰ ডেকাই ভাষণ প্ৰদান কৰে। এই দুয়োখন পঞ্চায়ততে আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোৱে পঞ্চ সংকল্প গ্ৰহণ কৰে। অনুষ্ঠানত চৰকাৰৰ বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলে তেওঁলোকে লাভ কৰা সুবিধা আৰু অনুভৱৰ বিষয়ে চমু বক্তব্য আগবঢ়ায়। বিভিন্ন ক্ষেত্ৰত লাভ কৰা সফলতাৰ বাবে কেইবাগৰাকী ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয় আৰু সাংস্কৃতিক কাৰ্যসূচীও অনুষ্ঠিত হয়।