বিচৰাৰ দৰেই
মানসী মিশ্ৰ
বৃষ্টিহীণতাৰ বেদনাত
নৈৰ বুকুবোৰো শুকাইছিল
শুকাইছিল আমি দেখি অহা
পথাৰৰ ঘন সেউজীয়াবোৰ
সেউজীয়াবোৰ শুকাইছিল
তাৰ লগে লগে শৰীৰৰ
ক্ষুধাবোৰো শুকাব লৈছিল।
ক্ষুধাবোৰে মুকলিকৈ উশাহ লোৱাৰ
সমস্ত বেদনাত মাথোঁ কান্দিছিল।
শান্ত মগজুৰ মানুহবোৰে
এৰা, সেইবাবেই হয়তো চাগে
শৰতৰ বৰষুণজাক নামিছিল
আমি নভৱাকৈয়ে,সংগোপনে।