হে শ্বহীদ, প্ৰণামো তোমাক – নাছিৰ আহমেদ

হে শ্বহীদ, প্ৰণামো তোমাক
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
সাম্ৰাজ্যবাদী বৃটিছ শাসকক আমাৰ দেশৰ মাটিৰ পৰা বিতাড়িত কৰাৰ বাবে জাতিৰ পিতা মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ কেবালানি কাৰ্যসূচীৰ ভিতৰত আটাইতকৈ মোক্ষম আঘাত আছিল  কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ”  জংগী আন্দোলন। ১৯৪২ চনৰ ৯ আগষ্টত জাতিৰ পিতা মহাত্মা গান্ধীয়ে মোম্বাইৰ গোৱালিয়া টেংক ময়দানত( যাক পৰৱৰ্তী ক্ৰান্তি ময়দান বুলি কোৱা হয়) জাতিৰ উদ্দেশ্যে উদাত্ত আহ্বান জনাইছিল এইবুলি যে, Do or die (কৰেঙ্গে ইয়া মৰেঙ্গে বা মৰেঙ্গে ইয়া মাৰেংগে) লড়কে লেংগে হিন্দুস্থান। জাতিৰ পিতাৰ এই উদাত্ত আহ্বানত গোটেই ভাৰতৰ জনগণ ( ৰাজনৈতিক দলৰ নেতাসকল, কৃষক, মজদুৰ, মহিলা ছাত্ৰ সকলোৱে)স্বাধীনতা আন্দোলনৰ যুঁজত জপিয়াই পৰি ভাৰত বন্ধ , হৰতাল, ৰেলি , বিদেশী বস্ত্ৰ বৰ্জনৰ বিভিন্ন কাৰ্যসূচীত সক্ৰিয়ভাবে  অংশগ্ৰহণ কৰিছিল। এই কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলন দমন কৰিবলৈ বৃটিছ শাসকে দেশৰ ৰাজনৈতিক নেতাসকলক  বিনা বিচাৰে অনিৰ্দিষ্ট কালৰ বাবে জেলত বন্দী কৰি ৰাখিছিল  আৰু দেশৰ সাধাৰণ মানুহৰ ওপৰত নিৰ্বিচাৰে নানা ধৰণৰ নিৰ্যাতন ,যেনে পুলিচৰ লাঠি চাৰ্জ,গুলি চালনা কৰি আহত বা নিহত কৰা,বিনা বিচাৰে ফাঁচি কাঠত ওলোমাই দিয়াৰ বাবে ক্ৰমে এই অহিংস আন্দোলৰ সহিংস আন্দোলনলৈ ৰূপান্তৰিত হৈ ভাৰতৰ জনগণে একত্ৰিত হৈ শক্তিশালী ব্ৰিটিছ শাসকৰ পুলিচ-মিলিটাৰীৰ ওপৰত জঁপিয়াই পৰিল। তেওঁলোকে চৰকাৰী কাৰ্যালয়, আদালত, ৰেলৱে ষ্টেচন, ৰেলৱে পথ, টেলিফোন নেটৱৰ্ক ইত্যাদি সকলো ধৰণৰ চৰকাৰী অনুষ্ঠানৰ ওপৰত ধ্বংস-কাৰ্য অবিৰতভাৱে চলাই যাবলৈ ধৰিলে। আমাৰ অসমতো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু প্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস আদি সংগ্ৰামী নেতাৰ নেতৃত্বত গঢ়ি উঠা ” মৃত্যু বাহিনী” ত অসমৰ হাজাৰ হাজাৰ  যুৱক- যুৱতী  বিশেষকৈ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি কুইট ইণ্ডিয়া বা ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ উঠি পৰি লাগিছিল। সেই সময়ত ১৯২৪ চনত জন্ম গ্ৰহণ কৰা গহপুৰৰ ফুলকুমলীয়া ছোৱালী কনকলতা বৰুৱাই এই “মৃত্যু বাহিনী” নেতৃত্ব প্ৰদান কৰি ১৯৪২ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে গহপুৰ থানাত স্বাধীন ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি যাওঁতে গহপুৰ থানাৰ অ’চিয়ে প্ৰচণ্ড বাধা সৃষ্টি কৰি তেওঁক উভতি যাবলৈ বাৰে বাৰে হুংকাৰ দিছিল। কিন্তু সেই হুংকাৰ নেওচি স্বাধীনতা সংগ্ৰামী সাহসী কনকলতা বৰুৱাই সদলবলে থানাৰ সন্মূখত গৈ পতাকা উত্তোলন কৰি শ্লোগান দিছিল, স্বাধীন ভাৰত কি জয়। মহাত্মা গান্ধী কি জয় । লগে লগে গহপুৰ থানাৰ পুলিচ বাহিনীৰ নিৰ্মম গুলিৰ আঘাত তেওঁৰ বুকুয়েদি সৰকি যোৱাৰ ফলত কনকলতা বৰুৱাই থিতাতে শ্বহীদ হৈছিল। একেদিনাই অৰ্থাৎ ১৯৪২ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে ১৯১৯ চনত জন্ম গ্ৰহণ কৰা নলবাৰীৰ স্বাধীনতা সংগ্ৰামী সাহসী যুৱক মুকুন্দ কাকতিয়ো গহপুৰ থানাত স্বাধীন ভাৰতৰ পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত শ্বহীদ বৰণ কৰে। আজি ২০ চেপ্তেম্বৰ তাৰিখে অসমৰ সকলো প্ৰান্ততে    “শ্বহীদ দিৱস”  হিচাপে দেশৰ স্বাধীনতা আন্দোলনৰ বাবে প্ৰাণ আহুতি দিয়া ফুলকুমলীয়া ছোৱালী শ্বহীদ কনকলতা বৰুৱা আৰু যুৱক মুকুন্দ কাকতিক শ্ৰদ্ধাৰে সুঁৱৰিছে। গহপুৰ থানাৰ সন্মূখত থকা দুয়ো গৰাকী শ্বহীদৰ ব্ৰঞ্জৰ মূৰ্ত্তিৰ ডিঙিত মালা অৰ্পণ কৰি ,ভৰি চুই সেৱা আগবঢ়াই সকলো অসমীয়া সন্তানে পুষ্পাঞ্জলি যাঁচিছে। কিন্তু কেৱল “শ্বহীদ দিৱস” ৰ দিনা এই বীৰ জোৱান শ্বহীদ দুগৰাকীক স্মৰণ কৰিলেই আমাৰ দায়িত্ব শেষ নেকি ?  এতিয়াও আমাৰ দেশৰ জনগণে সাম্ৰাজ্যবাদী-পুঁজিপতি শোষকৰ হাতত শোষিত, লাঞ্চিত, বঞ্চিত। এতিয়াও সাধাৰণ কৃষক মজদুৰ শোষিত শ্ৰেণীটোক সাম্ৰাজ্যবাদী- পুঁজিপতি শোষকে ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক‌  ভাবে শোষণ কৰি আছে। প্ৰতিটো মুহূৰ্ত্তে নিৰীহ জনগণক শোষক শ্ৰেণীটোৱে অত্যাচাৰ, ব্যাভিচাৰ, হত্যা ,লুট, ধৰ্ষণ আদি চলাই গৈ আছে। আমাৰ দেশৰ জনগণে এতিয়াও প্ৰকৃত স্বাধীনতা লাভ কৰিব পৰা নাই।  গতিকে দেশৰ প্ৰকৃত স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ কনকলতা বৰুৱা আৰু শ্বহীদ মুকন্দ কাকতিৰ আত্মাই তেতিয়াহে চিৰশান্তি লাভ কৰিব আমি যদি শ্ৰেণী-বিভক্ত সমাজ-ব্যৱস্থাৰ অৰ্থনৈতিক বৈষম্য ৰোধ কৰিবলৈ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰোঁ।