নিস্তব্ধ প্ৰহৰ
সত্যজিৎ গগৈ
নাহৰকটীয়া
দুচকুত স্বপ্নৰ আবিৰ সানি
নাঙঠ ফাগুনে ওৰণি লয়
ভেকুলীয়ে গীত জুৰে
অমল শস্যৰ উদ্যান বিচাৰি।
সৌ আকাশৰ বুকুত উৰে
হেঁপাহৰ আলসুৱা মন
নষ্টালজিয়াৰ অভ্ৰ ভেদি
দিনান্তৰ শেষত সোঁৱৰণি হৈ ৰ’ল।
নিস্তৰংগ এটি অনুভৱহীন আবেলি
ছাই বৰণীয়া মেঘৰ ধেমালি
তোমাৰ কবিতাত সাৰ পাওক
আমাৰ দুৰন্ত প্ৰেমৰ ৰজনী ।
