পোহৰৰ উৎসৱ দীপাৱলী
অনিতা গগৈ,নগাঁও
অশুভ শক্তি বিনাশ কৰি সত্যৰ প্ৰতিষ্ঠা কৰা শৰৎ কালত পালন কৰা হিন্দু ধৰ্মৰ আটাইতকৈ জাকজমতাৰ উৎসৱেই হৈছে দীপাৱলী বা দীপান্বিতা ৷ কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা “দীপাৱলী” পালন কৰা হয় ৷ এই উৎসৱক পোহৰৰ উৎসৱ বুলিও কোৱা হয় ৷ সেয়ে, অন্ধকাৰক নাশিবলৈ, শাৰী শাৰী বন্তি প্ৰজ্বলনেৰে চৌদিশে পোহৰাই তোলা হয় দীপাৱলীৰ নিশা ৷ যুগ-যুগান্তৰপৰাই দীপাৱলী পালন কৰি অহা হৈছে যদিও এই দীপাৱলী পালনৰ অন্তৰালত কেইবাটাও পৌৰাণিক আখ্যান জড়িত হৈ আছে ৷ ৰামায়ণৰ মতে, ত্ৰেতা যুগত ভগৱান ৰামচন্দ্ৰই পিতৃ আজ্ঞা পালি চৈধ্য বছৰ বনবাসৰ অৱসান ঘটাই পত্নী সীতা আৰু ভাতৃ লক্ষ্মণ সহিতে অয্যোধ্যালৈ উভতি অহাৰ দিনা ৰাজ্যৰ প্ৰজাগণে আনন্দতে চাকি-বন্তি জ্বলাই চৌদিশে পোহৰেৰে আলোকিত কৰি তেওঁলোকক আদৰণি জনাই আনন্দ-উৎসৱ কৰিছিল ৷ তেতিয়াৰপৰাই এই দীপাৱলী পালন কৰি অহা হৈছে বিশ্বাস কৰা হয় ৷ দ্বাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণ আৰু ভূমি দেৱীৰ পুত্ৰ নৰকাসুৰে ব্ৰহ্মাৰপৰা বৰ লৈ অহঙ্কাৰী হৈ তিনিও লোকতে ত্ৰাসৰ সৃষ্টি কৰিছিল। নৰকাসুৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি দেৱতাসকলে শ্ৰীকৃষ্ণৰ শৰণাপন্ন হৈছিল। শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি পাপৰ বিনাশ ঘটাই সমস্ত জগতক উদ্ধাৰ কৰিছিল।
অত্যাচাৰী নৰকাসুৰৰ নিধনত সকলোৱে আনন্দিত হৈ চাকি-বন্তি জ্বলাই আনন্দোল্লাস কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত দীপাৱলী বা দেৱালী পালন কৰি অহা হৈছে বুলি আন এক প্ৰবাদ প্ৰচলিত হৈ আহিছে। যিয়েই নহওঁক, এই আখ্যানবোৰ বিশ্লেষণ কৰিলে দেখা যায় যে দীপাৱলী পালনৰ তাৎপৰ্য হৈছে – দুষ্টক দমন, শিষ্টক পালন অৰ্থাৎ অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয় ৷ অসূয়া-অপশক্তিক নিৰ্মূল কৰি সুখ-শান্তি স্থাপন কৰাই হৈছে দীপাৱলী পালনৰ মূল তত্ত্ব।
ঋণাত্মক শক্তিক পৰাভূত কৰি ধণাত্মক শক্তি প্ৰতিষ্ঠা কৰাটোৱেই দীপাৱলীৰ মূল উদ্দেশ্য আৰু লক্ষ্য হিচাপে লৈ যুগে যুগে হিন্দু অথবা অন্য ধৰ্মীয় সমাজত দীপাৱলী উদযাপন কৰা হয়। এই দিনটো আহি পৰে কাতি মাহৰ অমাৱস্যা তিথিত বিজয়া দশমীৰ ওঠৰ দিনৰ পিছত । এই পোহৰৰ উৎসৱৰ দিনা সকলোৱে নিজৰ ঘৰ দুৱাৰ পদূলি পোহৰে আলোকিত কৰি তোলে মিঠাতেলৰ চাকিয়ে ঘৰখনৰ পৰা অশুভ শক্তি বিনাশৰ উদ্দেশ্য কৰি।
পিছে বৰ্তমান সময়ত পোহৰৰ উৎসৱ দীপাৱলী শব্দৰ উৎসৱলৈ পৰিবৰ্তিত হোৱা যেন অনুমান হয়, যেনিয়েই চাওঁ তেনিয়েই শব্দৰ পয়োভৰ। ই এক ঋণাত্মক ধাৰা। এই শব্দৰ পোহাৰে প্ৰদূষণ অনাৰ সমান্তৰালকৈ জনসমাজত বহু ক্ষয় ক্ষতি হয় তাৰোপৰি অগাধ ধনৰ অপচয় হয়। দীপাৱলীৰ বম ফটকাই বহুতৰ ঘৰ বাৰী ভষ্মিভূত কৰাৰ উদাহৰণো বহুত আছে, বহু লোকে পংগুত্ব সাৱতি লোৱাৰ উদাহৰণো বহুত পোৱা যায়। তাৰোপৰি এই শব্দ প্ৰদূষণৰ দ্ধাৰা নিমাষিত প্ৰাণী চৰাই চিৰিকতি আদিৰ বহু অনিষ্ট সাধন হয়, কাৰণ আমি কাণেৰে শুনি নোপোৱা এটি ৰেডিয়েচন ও চৰাই চিৰিকটিৰ বাবে প্ৰাণ ঘাটক স্বৰূপ, তেনেস্থলত বম ফটকাৰ শব্দ বোৰ কিমান মাৰাত্মক হ’ব পাৰে?এই বিলাক কথাৰ প্ৰতিও দৃষ্টি দিয়াটো অতি প্ৰয়োজন ? পোহৰৰ উৎসৱ পোহৰেৰে উদযাপন কৰি শব্দৰ প্ৰয়োভৰৰ পৰা বিৰত থকাটোৱেই সকলোৰে বাবে মংগল কাৰক ? আমি বাৰু পোহৰৰ উৎসৱ টি পোহৰৰ উৎসৱ হিচাপেই পালন কৰিব নোৱাৰো নে ?
দেৱালীত ফটকাৰ ধোঁৱা আৰু বিকট শব্দত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু মুখত পৰা ঘটনা আমাৰ অসমতে নজিৰ আছে ৷ বিশেষকৈ ঘৰৰ কাষত নৱজাতক বা অসুস্থ ৰোগীয়া মানুহ থাকিলে পৰাপক্ষত সেই ঠাইত উচ্চ প্ৰাবল্যৰ শব্দ বা বায়ু প্ৰদুষণৰ সৃষ্টি কৰিব পৰা কোনো বস্তু ব্যৱহাৰ কৰিব নালাগে ৷ এজন সমাজ সচেতন লোক হিচাপে সকলোৰে সেইকণ নৈতিক জ্ঞান থকাটো উচিত ৷
আজিৰ উশৃঙ্খল এচাম লোকক কোনো ফাংচনে হওঁক বা কিবা উৎসৱেই হওঁক সুৰামত্ত হৈ দুপৰ নিশালৈ আনন্দোল্লাসত মত্ত হৈ, হৈ-হাল্লাৰে পৰিৱেশটো উতপ্ত কৰি ৰাখিবলৈ কেৱল এক অজুহাতহে লাগে ৷ সেই পৰিৱেশে যে কাৰোবাৰ অনিষ্ট সাধন কৰিব পাৰে, অথবা কাৰোবাৰ প্ৰাণঘাতকৰ কাৰকো যে হ’ব পাৰে তাৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই ৷
কিন্তু দেখা যায় বহু শিক্ষিত লোকেও নিজৰ ফোঁপোলা আভিজাত্য দেখুৱাবৰ বাবে ফটকা-আতচবাজীৰ জ্বলোৱাৰ নামত বহু ধনৰ অপচয় কৰে ৷ এনে লাগে দীপাৱলীৰ নামত যেন এক অঘোষিত শব্দ প্ৰতিযোগিতাৰহে অনুস্থিত কৰা হৈছে ৷ তাৰ ওপৰতে এচামৰ প্ৰতিযোগিতামূলক মানসিকতাই পৰিৱেশ বিনষ্ট কৰাত অধিক অৰিহণা যোগাই আহিছে ৷
বৰ্তমান ৰং-বিৰঙী বিজুলী বাতিৰে চৌদি্শে পোহৰাই আলোকিত কৰি তোলা হয়,যদিও তাহানিৰ সেই দীপান্বিতাৰ মাদকতা আজি পাবলৈ নাই ৷ তাহানিৰ দিনত সৰু-ডাঙৰ সকলোৰে সহযোগত যি আনন্দ, উৎসাহ-উদ্দীপনাৰে দীপাৱলী পালন কৰি এক সুকীয়া মাদকতা বা আনন্দ লভিছিলো, সাম্প্ৰতিক সময়ৰ বৈদ্যুতিক আলোকসজ্জাই মনত সেই আনন্দ বা সুখানুভূতি দিব নোৱাৰে ৷
আমাৰ শৈশৱত পালন কৰি অহা সেই দীপাৱলীৰ দিনবোৰত ঘৰে ঘৰে কলগছ কাটি পদূলিমুখত পুতি, চাকি দিবৰ বাবে তাত বাঁহ ফালি খুছি লগোৱা হৈছিল ৷ চাকিবোৰ ভালকৈ ৰাখিবৰ বাবে তাত মাটিৰ লেও বা প্ৰলেপ দিয়া হৈছিল ৷
কিছু লোকক মাটি চাকিৰ সলনি ঔটেঙাৰ বখলাতো নতুবা সৰু অমিতা কাটি দুফাল কৰি তাতো তেল শলিতা দি চাকি জ্বলোৱা দেখিছিলোঁ ৷ আমি সৰুবোৰেও এনেয়ে বহি থকা নাছিলোঁ ৷ শলিতাবোৰ দিনতে বাটি, মাটি চাকিবোৰ এফালৰপৰা তিয়াই ডলাত থৈ গৈছিলোঁ ৷ সন্ধিয়াৰ আগে আগে মিঠাতেল দি চাকিবোৰ জ্বলাই চৌপাশে পোহৰাই তুলিছিলোঁ ৷চাকিৰ পোহৰত মন পৱিত্ৰতাৰে ভৰি যি আনন্দ তথা সুখানুভূতি লভিছিলোঁ এতিয়াৰ বৈদ্যুতিক আলোকসজ্জাইয়ো মনত সেই আনন্দৰ জোৱাৰ তুলিব নোৱাৰে ৷
তাৰোপৰি দেৱালীৰ কেইদিনত অসাৱধানতাৰ বাবে ফটকাৰ স্ফুলিংগৰপৰাই বা আন কাৰণতে হওঁক ,অগ্নিকাণ্ড সংঘটিত হোৱা দুৰ্ঘটনাৰ বাতৰিবোৰ অন্য দিনতকৈ অধিক শুনা যায় ৷
ক্ষণিক আনন্দৰ বাবে বিকট শব্দৰ আতচ্বাজীবোৰ ফুটাই গোটেই অঞ্চল প্ৰদুষিত কৰাৰ সলনি যদি আমি পোহৰৰ উৎসৱ কেৱল পোহৰেৰে পালন কৰোঁ অৰ্থাৎ আমি পৰম্পৰাগত মাটি চাকি শলিতাৰে পালন কৰোঁ, আমাৰ লগতে আন জীৱকুলো নিৰাপদ হ’ব ৷
লগতে পৰম্পৰাগত থলুৱা মাটি চাকি ব্যৱহাৰৰ ফলত আমাৰ থলুৱা মৃৎশিল্পীসকলেও আৰ্থিকভাৱে এটা সকাহ পাব আৰু দীপান্বিতাৰ ঐতিহ্যও অটুত থাকিব৷ আহক, আমি সকলোৱে মিলি এক প্ৰদুষণমুক্ত দীপাৱলীৰ উপভোগ কৰোঁ ৷ আমি সৰুকালত কৰাৰ দৰে ঘৰৰ আগফালে এডাল বা দুডাল কলগছ ৰুই তাত বাঁহৰ কামি ভৰাই মাটিৰ চাকি জলাই দীপালী উৎযাপন কৰাৰ মাদকতাই সুকীয়া।