ডিব্ৰুগড়ত বাঘ হাজৰিকাৰ ৩৮৩ সংখ্যক জন্ম জয়ন্তী উদযাপনৰ প্ৰস্তুতি
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ এগৰাকী বীৰ পুৰুষ ইছমাইল ছিদ্দিকি ওৰফে বাঘ হাজৰিকাৰ ৩৮৩ সংখ্যক জন্ম জয়ন্তী “ডিব্ৰুগড় জিলা বাঘ হাজৰিকা মেম’ৰিয়েল ফাউণ্ডেচন”ৰ উদ্যোগত অহা ২২ নৱেম্বৰ বুধবাৰে পালন কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। সেই উদ্দেশ্যে ডিব্ৰুগড়ৰ নালিয়াপুল মুচাফিৰ খানাৰ “আশ্ৰয়” প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব লগীয়া কাৰ্য্যসূচী ঘোষণা কৰা হৈছে। অহা ২২ নৱেম্বৰৰ দিনৰ ১০-৩০ বজাত কাৰ্যসূচী আৰম্ভ কৰা হ’ব। উদ্বোধনী ভাষণ প্ৰদান কৰিব বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা মিতভাষ স্ৰষ্টা ডo নগেন শইকীয়াই। মুখ্য বক্তাৰ ভাষণ প্ৰদান কৰিব বিশিষ্ট সাহিত্যিক,কবি, সমালোচক মুকুট শৰ্মাই। ইয়াৰ পিছতে বিশিষ্ট আমন্ত্ৰিত অতিথি সকলে ভাষণ প্ৰদান কৰাৰ পৰৱৰ্তী কাৰ্যসূচীত আহোম ৰ’য়েল ছ’ছাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰে সভাপতিৰ ভাষণ আগবঢ়াব। উদযাপন সমিতিৰ সভাপতি এ এন এছ আহমেদ (ডিউক) হাজৰিকা, কাৰ্যকৰী সভাপতি চৌকত লতিফ, আৰু সম্পাদক ইমৰাণ হুছেইনে ৰাইজৰ উপস্থিতি কামনা কৰিছে।