জুৱাৰী – মুন শৰ্মা

জুৱাৰী
মুন শৰ্মা, লখিমপুৰ
আবেলিৰ পৰা ঘৰ খনত হুলস্থুল, গোটেই চুবুৰীটোত মাত্ৰ সিহঁতৰ আলোচনা। মাজতে অলপ সময় ঠাণ্ডা হৈছিল,কিন্তু সন্ধ্যা হোৱাৰ লগে লগে ৰাতি এপৰলৈ আকৌ আৰম্ভ।হুলস্থুল কাৰণ অলপ টকা। টকা খিনি লাগে অজয়ক। অজয়, চাৰিটা প্ৰাণীৰ ঘৰ খনৰ মূল মানুহ।টকা খিনি থৈছিল তাৰ পত্নী অৰুণাই। পুৱাতে আহি সুধিছিল… অৰুণা টকা কেইটা মোক দে, প্ৰশ্ন কৰিলে পত্নী অৰুণাই কিয় লাগে! আপোনাক হঠাৎ আপোনাক? প্ৰশ্ন নকৰিবা মোক দিয়া মোৰ দৰকাৰ হৈছে। কি দৰকাৰ হৈছে! মোক কওঁক আক। দিম নহয়।ক’ব নোৱাৰি মুঠতে টকা কেইটা দিয়া মোক সোনকালে।সিফালে অৰুণাই কাৰণ নজনা কৈ দিব বিচৰা নাই টকা কেইটা। বহু দিনৰ পৰা সাঁচি ৰখা টকা এই কেইটা। জীৱিকা হিচাপে গাড়ী চলোৱা অজয়ে বৰকৈ সাঁচিব নোৱাৰা অৱস্থাৰ  বাবে তাই আনৰ ঘৰত কাম কৰি কিছু   সাঁচি আজি দুটা মাহত প্ৰায় পাঁচ হাজাৰ মান কৰিছে। এদিন  তাই অজয়ক কৈছিল… হেৰা আমাৰ মাইনাৰ অহা  এডমিচনলৈ বৰ চিন্তা কৰিব নালাগে। মই অলপ টকা গোটাইছো আপুনি অলপ যোগাৰ কৰিলে  ধুনীয়া কৈ হৈ যাব তাইৰ এডমিচন।সেই টকা কেইটাকে আজি লাগে তাক। কিয় লাগে! কি কৰে! একো নকয়। মুঠতে লাগেই। কিন্তু নিদিয়ে  অৰুণা কাৰণ সি টকা কেইটা কি কামত লাগে পাছত বুজি পাইছিল।দিনৰ ভাগত কৈ ৰাতি ভাগৰ কাজিয়া খন অলপ ডাঙৰ। এফালে কোনো  কাৰণত  টকা কেইটা দিব নিবিচৰা অৰুণা আৰু আন ফালে মদৰ নিচাত ডুব গৈ থকা অজয়।এটা সময়ত অৰুণাৰ কৰুণ চিঞৰ,…..অ মা মই মাৰিলো অ, অ মোক নামাৰি অ,  অ ৰাইজ মোক মাৰি পেলাব অ আহক চোন অ, কিছু সময় এনেকৈ তাৰ পাছত অৰুণা মাত নাই । মাত্ৰ ছোৱালী জনী কান্দোন আৰু চিঞৰ অ”, মা অ” মা তুমি নামাতা কিয়! সিফালে দেউতাক নাই মাৰ পিট কৰি ওলাই গুচি গল। উপায় নাপায় তাই চোতাল লৈ ওলাই আহি   জাক পাইছে তাকে মাতিছে।ইমান সময় নিচুপ হৈ আছিল আশে পাশে থকা মানুহ খিনি কিন্তু তাইৰ কান্দোন শুনি সকলো ওলাই আহিল । মাকৰ অৱস্থা বেয়া দেখি মেডিকেললৈ বুলি লৈ গল। অজয় নেদেখি তাক বিচাৰিলে কিন্তু কতো নাপালে।নিশাটো গ’ল ৰাতিপুৱালে । গাঁৱৰ ৰাইজে সিদ্ধান্ত ললে বিচাৰ কৰাৰ। সিফালে পাছ দিনা গোটেই দিনটো অজয় নাই। সি উভতি নহা বাবে তেওঁলোক বিফল হ’ল ফলত থানাত গোচৰ দিয়াৰ সিদ্ধান্ত ললে।দুদিনৰ পাছত পুলিচে বিচাৰি পালে অজয়ক। ধৰি আনি বাৰে বাৰে জেৰা  কৰি প্ৰশ্নৰ পাছত প্ৰশ্ন কৰিলে। প্ৰথমে কোৱা নাছিল কিন্তু  পুলিচৰ মাৰ খাই পত্নীক অত্যাচাৰ কৰাৰ পৰা দুদিন আত্মগোপন কৰাৰ লৈকে সমস্ত ঘটনাৰ আৰু ইয়াৰ কাৰণ কৈ গ’ল। আৰু তাৰ কথা শুনি গাঁৱৰ ৰাইজ আৰু পুলিচে গম পালে ইয়াৰ মূলতে হ’ল জুৱা আৰু সি জুৱাৰী।