হৃদয়ৰ কান্দোন – অমূল্য চেতিয়া

হৃদয়ৰ কান্দোন
অমূল্য চেতিয়া
আজি বহুত দিনৰ পাছত বিনু ওপজা গাঁও খনলৈ আহিছে।জনশূন্য পথটোৰে তাই ঘৰলৈ আগবাঢ়িল।ঠিক তিনিআলিৰ ওচৰতে এটা নিশাচৰৰ মাতত তাই বুকুখন অজান আশংকাত কঁপি উঠিল। এজাক হিমচেঁচা বতাহে চুই গ’ল।জ্বৰে ঘমাদি ঘামিবলৈ ধৰিলে।খোজবোৰ খৰকৈ দিবলৈ ধৰিলে।তাই ভাবিলে ৰতনহঁতক পালেই হ’ল,সিহঁতে হৰেন কাইটিৰ দোকানৰ আগটোত আদ্দা দি থাকে।সকলো কুশলে আছেনে,,,!এনেতে আহঁতজোপাৰ ওচৰত ছাঁয়া এটা দেখি কলে-“কোন ৰতন ?” “উম আহ,তই আহিবি বুলি জানিয়ে ৰৈ আছিলোঁ।তই মোক ক্ষমা কৰিব পৰা নাই ন,,,।তোৰ সখীক লোকনিন্দাৰ পৰা ৰক্ষা কৰিবলৈ আৰু এটা প্ৰাণ ৰক্ষা কৰিবলৈয়ে মই সেই সিদ্ধান্ত লৈছিলো অ’,,,।-সি কথাবোৰ কৈ আছে,তাই শুনি গৈছে।তাইৰ ঘৰৰ ওচৰ পাই সি ক’লে-“তই এতিয়া সুৰক্ষিত।কথা অলপ আছিল,হ’ব যা খুৰীয়ে ক’ব।আকৌ লগ পাওঁনে বা নাপাওঁ।” তাৰ মাতষাৰ যেন বহু দূৰৈৰ পৰা আহিছে।এসময়ৰ প্ৰিয় মানুহটোক কিবা এটা ক’বলৈ ঘূৰি চাই দেখিলে সি নাই।মাকে তাইক দেখিয়ে ভয়বিহ্বলতাৰে ক’লে-মাজনী ৰতনৰ আজি কাজ-কৰ্ম হৈ গৈছেহে।গাঁৱৰ পৰিবেশ বেয়া।এজনী অচিনাকী ছোৱালীক পশুকেইটামানৰ পৰা বচাবলৈ গৈ সি তিনিআলিত বাগৰি পৰিছিল।হুৱাদুৱা লাগিল,সিহঁত পলাল।ছোৱালীজনী বাচিল।আনক সহায় কৰি ভালপোৱা ৰতন হেৰাই গ’ল।” বিনু দুচকুৰে ধাৰাষাৰে চকুলো নিগৰিল ।