ৰক্তদণ্ডিকা
মইনুল হক
হে দেৱী দুৰ্গা
সেই একেজন অসুৰকে
কতবাৰ বধিবা
জগতখনত যে অসুৰবোৰ
গিজগিজাই ফুৰিছে
তোমাৰ চকুত নপৰেনে ?
দহটা পাণিৰ দৰে
দহটা নয়ণ কিয় যে নাই তোমাৰ
চাৰিদিকৰ দুখ-দুৰ্গতি চাবলৈ
হে দেৱী, দুৰ্গতিনাশিনী
তোমাক তুষ্ঠিবলৈ
কিমান নো আওৰাম
সেই একেডাল আমোঘ মন্ত্ৰ
যা দেৱী সৰ্বভূতেষু…..
তোমাৰ কাণত নপৰে নে?
হে সৰ্বভূতেষু
দেৱী দুৰ্গা আই ॥
