কবি হ’ব বিচাৰোঁ বুলি – সবিতা বেগম

PC - Fiverr
কবি হ’ব বিচাৰোঁ বুলি 
সবিতা বেগম, বৰপেটা
কবি হ’ব বিচাৰোঁ বুলি…
কবিতা হয়নে নহয় নাজানো
বাস্তৱতাৰ নান্দনিক আধাৰত
প্ৰতিপল শব্দ বুটলি ফুৰাৰ উদ্যাম
নামৰ এটি তৃষ্ণা, এটি নিচা …।
কোলাহিত হৃদয়ত উথলি উঠা
লক্ষাধিক উৰ্মিৰ মৌন সমাধি
সযত্নে লালিত ডায়েৰীৰ উকা পৃষ্ঠাত
নিনাদিত বাসনাৰ ৰং বিহীন মানচিত্ৰ
ডালত বহা মলয়াক সান্তনা দিবলৈ
দৈনন্দিন আখৰা, ছন্দৰ মেলবন্ধন।।
ইতিকিং বহুতৰেই, বৈৰাগ্যতাৰ লাঞ্চনা
ব্যৰ্থ প্ৰেমিকাৰ অপবাদ ,
বিদ্ৰুপৰ হেজাৰ কীৰ্তন…
সহনতাৰ প্ৰয়াসে শ্ৰৱণ কৰোঁ স্তম্ভ হৈ
দিনে নিশাই…
কেতিয়াবা চুনামীৰ প্ৰবল তাণ্ডৱে
উটুৱাই নিয়ে বহী কলম
অপৰাধী হৈ উচুপি থাকোঁ নীৰৱে
সন্মতি জনাওঁ দাঁত দুপাৰি মুকলাই
স্ৰোতধাৰাত হেৰাই যাওঁ নিজক
ক্ষন ভংগুৰত দেখো শব্দৰ লাডাখাৰত
অসহায়তাৰ উপত্যকাত , মই অকলে…
পাৰ পাবলৈ বহু প্ৰত্যাশা …!!!!
তথাপি— বাক্ বিৰোধ নকৰোঁ
শ্ৰেষ্ঠত্ত্বৰ দেখুৱাই নহয়,
সময়ৰ মুখলৈ চাই।
মই সদায় মোৰ মৌনতাৰ উত্তৰ পাওঁ
এয়া মোৰ লক্ষ্য নাইবা উদ্দেশ্য নহয়।
নহওঁ মই যুগ পৰিৱৰ্তনৰ সোনালী সুৰুজ…।।
মোক অনবৰতে সকিয়াই উদাসী মনে
সমিধান দিয়ে নিষ্ঠুৰ সময়ে —
‘বিলিন হ’ব সকলো যশ – খ্যাতি,
মহা শক্তি মহাকালৰ মহা ঘূৰ্ণিত…।
সুৰুজেওঁ পশ্চিমালৈ মাগিছে মেলানি
পথভ্ৰষ্ট মই মোহ বনে …
অৰ্ঘহীন হস্ত, মৃত্যুতুচ্ছ আজি মুক্তিৰ পনে
মাৰ্জনা কৰা তাপী মই তোমাৰ দ্বাৰে ।
কবি হ’ব বিচাৰোঁ বুলি নহয়…
জীয়াই থকাৰ আলোড়নে …।।