যুদ্ধই নিদিয়ে কাকো একো সমাধান
মুন শৰ্মা, লখিমপুৰ
ইজৰাইল আৰু হামাছ মাজৰ যুদ্ধ,, বৰ্তমান বিশ্বৰ ৰাজনৈতিকৰ পৰা সাধাৰণ মানুহলৈকে চৰ্চাৰ কেন্দ্ৰ।কি হ’ব এই যুদ্ধৰ পৰিণাম! শান্তি আহিব নে! কোনে কৰিব যুদ্ধৰ পাছত ইয়াত দখল। এফালে দেশপ্ৰেমী শক্তিশালী ইহুদি আৰু আন ফালে ইছলামিক শাসন আৰম্ভ কৰিব বিচৰা হামাছ। এটা দুটাকৈ ভালে কেইটা দিন পাৰ হৈ গ’ল কিন্তু অন্ত পৰাৰ নাম লোৱা নাই। দিনে দিনে ভয়ংকৰ হৈ হে গৈ আছে ইয়াৰ মাত্ৰা। যুদ্ধত মৰিছে হাজাৰ হাজাৰ লোক আৰু কিমান ক্ষতি হৈছে তাৰ সঠিক হিচাপ কাৰো হাতত নাই।এতিয়া আহো আন এটা কথা লৈ বিশ্বৰ ইতিহাস যদি আমি খুচৰি চাও এখন দুখনকৈ হাজাৰ খন যুদ্ধৰ বৰ্ণনা পাম । বেছি দূৰলৈ নাযাও আধুনিক বিশ্বৰ কেইখন যুদ্ধ যেনে প্ৰথম আৰু দ্বিতীয় বিশ্বযুদ্ধ, ইৰাক যুদ্ধ, ভিয়েটনাম যুদ্ধৰ, আফগানিস্তান যুদ্ধ আদি বোৰত যি যুদ্ধ হৈ গ’ল তাৰ দ্বাৰা কিবা এটা হ’ল নে মানৱ জাতিৰ উপকাৰ। যুদ্ধ অন্ত হ’ল সঁচা কিন্তু সেই যুদ্ধত আক্ৰান্ত সকলৰ মনত শান্তি আজি লৈ আনিব পাৰিলে নে যুদ্ধই! পাৰিলে নে এই লোক সকলৰ হেৰুৱা বোৰ আকৌ আনিব দুনাই, কাষৰ পৰা গুচি যোৱা আপোন বোৰৰ বাবে নামি অহা কান্দোন বোৰৰ অন্ত কৰি। আনে কি কয় নাজানো কিন্তু মই ভাবো কোনো ওপৰত কোৱা কথা খিনিৰ একোৰেই সমাধান কৰিব পৰা নাই। শান্তি বিনষ্ট কৰি অশান্তিৰ জগত এখন সৃষ্টি কৰাই যুদ্ধ বোৰৰ কাম।এ আমাৰ চকুত আজিও সজীৱ হৈ জাপানৰ হিৰুচিমা আৰু নাগা চাকিৰ এই কাহিনী, ভিয়েটনাম যুদ্ধৰ সেই সৰু লৰাটোৰ ফটো খন, আফগান যুদ্ধ সেই নাৰী বোৰৰ কৰুণ বিননি আদি বহুতো। সঁচা কথা কবলৈ গলে,আপোন মানুহ বোৰক মাৰি ৰঙালী কৰা আপোন ভূমিত শান্তিৰ গছে কেতিয়াও গজালি নেমেলে। গতিকে শান্তি প্ৰিয় মানুহ হিচাপে আমাৰ এটাই কামনা এই যুদ্ধই জগতৰ শেষৰ খন যুদ্ধ হওক অনাগত সময়ত আৰু কোনো দিন কোনো কাল নহওক আৰু কোনো যুদ্ধ।
