মৃত্যু চিৰন্তন অনন্ত কালৰ – মুন শৰ্মা

মৃত্যু চিৰন্তন অনন্ত কালৰ
  মুন শৰ্মা, লখিমপুৰ
হঠাৎ …ৰৈ গৈছিল মেডিকেল খনত ক্ষণিকলৈ প্ৰায় বোৰ কাম কাজ। ঠাইতে নিশব্দে বহু মানুহৰ ভৰিৰ খোজ থমকি গৈছিল।নিশব্দ হৈ পৰিছিল মানুহৰ মুখ বোৰ। নিৰৱে দৃষ্টি  সকলোৱে মাত্ৰ এচুকলৈ। য’ত কান্দোনৰ উৎস আছিল।  তাত এজনী কুমলীয়া বয়সৰ বোৱাৰীয়ে  চিঞৰি, চিঞৰি কান্দিছিল।কাষে কাষে আৰু দুজন মানুহহে উচুপি কান্দিছিল। কিন্তু কিয়! হৈছে কি! আচলতে কথাটো কি ! চহৰৰ সকলোকৈ ভাল বুলি জনাজাত বিখ্যাত মেডিকেল খনত নিতৌ অহা যোৱা অসংখ্য মানুহৰ। বিভিন্ন মানুহ বিভিন্ন ৰোগ।আশা মাথোন নিৰোগী হোৱা। ব্যতিক্ৰম নাছিল সেই মহিলা গৰাকীও, ফলতে লৈ আহিছিল ৰোগীয়া গিৰিয়েকক নিৰোগী কৰাৰ লক্ষ্য লৈ। চিকিৎসকৰ দ্বাৰা আপ্ৰাণ চেষ্টা,দিন ৰাতি একাকাৰ। কিন্ত ভবা মতে নহ’ল তাইৰ। “বিধাতাৰ লিখন মুচিব কোনে” ডাক্তৰ প্ৰচেষ্টা, তাইৰ কষ্ট, আত্মীয়ৰ প্ৰাৰ্থনা সকলো ছিঙি ভাঙি নিয়তিয়ে কাঢ়ি লৈ গুচি গ’ল কেনিবা অজান দেশলৈ য’ত নিষিদ্ধ উভতি অহাৰ। লগতে এগলমান সপোন, এবুকু আশা, অজস্ৰ সাহস ধ্বংস কৰি তাইক অসহায়, নিশকতীয়া কৰি যাবলৈ হেলা নকৰিলে নিষ্ঠুৰ নিয়তিয়ে।বহু সময় গুচি গৈছিল। আত্মীয়ৰ সান্তনা ডাক্তৰ, নাৰ্চৰ বুজনিত জোৰ নাছিল তেতিয়া তাইৰ কান্দোনৰ পথ বন্ধ কৰাৰ। ক্ৰমে ক্ৰমে উপায়হীন হৈ পৰিছিল সকলো। এটি এটাকৈ সকলোৰে চকু বোৰ সেমেকিব ধৰিছিল।  কোমল হৃদয়ৰ কথাতো বাদেই। শিল যেন হৃদয়ও পমিব ধৰিছিল।একেবাৰে দুৰ্বল হৃদয় দুখন মানে মোৰ বিশ্বাস চকুলো নিগৰাব আৰম্ভ কৰিছিল।কাৰণ পৰিৱেশ এনে আছিল সমগ্ৰ ঠাই খন বিষাদৰ কলীয়া ডাৱৰে  আৱৰি ধৰিছিল।উপস্থিত  কোনোবা শিক্ষক,কোনোবা খেতিয়ক,কোনোবা ড্ৰাইভাৰ, কোনোবা অফিচাৰ, কোনোবা ধনী,কোনোবা দুখীয়া।সি হিন্দু, সি মুছলমান, সি খৃষ্টান। জাতি, বৰ্ণ, ধৰ্ম,কৰ্ম  সকলোৰে বিভিন্ন, কিন্তু অভিন্ন সকলোৰে হৃদয়।একেই দয়া, একেই মমতা, একেই দুখ,একেই সুখ,একেই বিষাদ ,একেই আনন্দ, সেয়ে বাধ্য তেতিয়া,ফলত সকলোৱে আগুৱাই আহিছিল তাই দুখৰ সমভাগী হোৱাৰ বাবে। সাৱটি ধৰি কোনোবাই প্ৰাৰ্থনা,কোনোবাই দোৱা, এনেদৰেই প্ৰত্যেকেই নিজৰ পৰম্পৰাৰে নেদেখা জনৰ ওচৰত  ভিক্ষা মাগিছিল তাইৰ মঙ্গল কামনা কৰি। উপায় যে একো নাই, কৰিব কি! সীমাবদ্ধ শক্তি গৰাকী মানৱে  নোৱাৰে যে কৰিব সৃষ্টিকৰ্তাৰ সৃষ্টি নিয়ম সলনি। মাত্ৰ পাৰো মৃত্যু চিৰন্তন অনন্ত কালৰ বুলি মানি   লোৱা বাদে আমাৰ যে গত্যান্ত নাই।