ৰাইজৰ কণ্ঠৰুদ্ধ কৰি ৰাজ্যৰ উন্নয়ন অসম্ভৱ
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰিয়েই বি জে পি শাসিত ৰাজ্যিক চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সঘনাই অপৰাধ সংঘটিত কৰা অপৰাধীসকলৰ বিৰুদ্ধে শূন্য সহনশীলতাৰে সক্ৰিয় পদক্ষেপ ল’বলৈ কঠোৰ ভাবে নিৰ্দেশ দিয়ে। এই কঠোৰ নিৰ্দেশ সাৰোগত কৰি পুলিচ প্ৰশাসনে শূন্য সহনশীলতাৰে ৰাজ্যত অপৰাধীৰ সংখ্যা শূন্য কৰাৰ সকলো পৰিকল্পনা অতি সোনকালেই বেবেৰিবাং হ’ল। কাৰণ, অসমীয়া ফকৰা যোজনাৰ ভাষাৰে ক’ব পাৰি যে, ” ৰৌ বৰালী সৰকি গ’ল, পুঠি খলিহনা পাহে পাহে ৰ’ল। ৰাজ্যখনৰ সৰু-সুৰা অপৰাধীক পুলিচ প্ৰশাসনে এনকাউণ্টাৰ কৰি গুলিয়াই হত্যা কৰি হ’লেও নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ল যদিও, অপৰাধ কাৰ্যত জড়িত ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতা, উচ্চ পদস্থ বিষয়া, পুঁজিপতি শ্ৰেণীক পুলিচ প্ৰশাসনে কৰায়ত্ত কৰিবলৈ সক্ষম নহ’ল।দ্বিতীয়তে, ৰাজ্যৰ উন্নয়ন তৰান্বিত কৰাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এক নিৰ্দেশ মৰ্মে, ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দল বা অ-ৰাজনৈতিক সংস্থাসমূহক সকলো প্ৰকাৰৰ আন্দোলনৰ কাৰ্যসূচী হাতত নলৈ চৰকাৰৰ সকলো উন্নয়নমূলক আঁচনিত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনালে। কেৱল, সেয়ে নহয়, কোনো সংগঠনে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিবলৈ চেষ্টা কৰিলেই পুলিচ প্ৰশাসনৰ দ্বাৰা কঠোৰ হাতেৰে দমন কৰা কাৰ্য বৰ্তমান চৰকাৰৰ কাৰ্যকালত নিত্যনৈমিত্তিক ঘটনাত পৰিণত হৈছে। চৰকাৰী ভাষ্য অনুসৰি এই লেঠেৰি-নিছিগা আন্দোলনৰ কাৰ্যসূচী বন্ধ হোৱাৰ ফলত ৰাজ্যখনৰ দ্ৰুত গতিত উন্নতি সাধন হৈ আছে।কিন্তু, বাস্তৱ পৰিস্থিতিৰ চিত্ৰ সম্পূৰ্ণ ওলোটাহে।ৰাজ্যখনৰ ৰাস্তা -পদুলিৰ দুৰৱস্থা, শিক্ষা-বিভাগৰ পয়া লগা অৱস্থা, স্বাস্থ্যখণ্ডৰ অধঃপতন , হিতাধিকাৰীৰ সংখ্যা প্ৰায় চল্লিশ লাখলৈকে বৃদ্ধি কৰা স্বত্তেও দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ জনসংখ্যাৰ হাৰ দ্ৰুত বৃদ্ধি, নিত্যপ্ৰয়োজনীয় বস্তু-সামগ্ৰীৰ আকাশ-লঙ্ঘী মূল্য বৃদ্ধি, নিবনুৱা সমস্যাৰ এক জটিল ৰূপ, অতিৰিক্ত কৰৰ বোজাত বস্তু-সামগ্ৰীৰ মূল্য সঘনাই বাঢ়ি যোৱাৰ ফলত জনসাধাৰণৰ ক্ৰয় ক্ষমতা হ্ৰাস, পেট্ৰলজাত সামগ্ৰী, ৰন্ধন গেছৰ প্ৰায় প্ৰতিটো মুহূৰ্তত মূ্ল্যবৃদ্ধি আৰু বিদ্যুতৰ সঘনাই মাচুল বৃদ্ধি, শিক্ষকসকলৰ মাজত অনিয়মীয়া শিক্ষক, কন্ট্ৰাকচুয়েল (চুক্তিৰ আধাৰত) শিক্ষক, টিউটৰ শিক্ষক নিযুক্তি দি বৈষম্য সৃষ্টি ইত্যাদি এশ এবুৰি সমস্যাত আমাৰ অসম ৰাজ্যৰ জনগণৰ জীৱন বিপৰ্য্যস্ত হৈ পৰিছে । এতিয়া তেওঁলোকে জীৱন নিৰ্বাহ কৰা একপ্ৰকাৰ কঠিন হৈ পৰিছে।এনে পৰিস্থিতিত, ৰাজ্যৰ জনগণে ন্যায় পাবলৈ গণতান্ত্ৰিক ভাবে আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰ বাহিৰে কোনো গতন্তৰ নাই। ৰাজ্যখনৰ মৌলিক সমস্যা তথা প্ৰশাসক মণ্ডলীৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ দ্বাৰা নিৰ্বাচিত ৰাজনৈতিক দলৰ নেতাসকলে আৰু গণতান্ত্ৰিক ভাৱাপন্ন অ-ৰাজনৈতিক সংস্থাসমূহে মাৰ বান্ধি আন্দোলনত জঁপিয়াই পৰা উচিত।এই ক্ষেত্ৰত ৰাজ্যৰ উন্নয়ন তৰান্বিত কৰাৰ স্বাৰ্থত মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আন্দোলনৰ কাৰ্যসূচী বন্ধ ৰখাৰ নিৰ্দেশ কেতিয়াও ৰাজ্যৰ জনগণে চকুমুদি মানি লবলৈ বাধ্য নহয়। বৰঞ্চ আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তেহে চৰকাৰক দাবীসমূহ পূৰণ কৰাৰ বাবে চৰকাৰক সৈমান কৰিব পাৰি।বৰ্তমান বিজেপি শাসিত ৰাজ্যিক চৰকাৰেও অনুভৱ কৰা দৰকাৰ যে,ৰাইজৰ কণ্ঠৰুদ্ধ কৰি ৰাজ্যৰ উন্নয়ন অসম্ভৱ ।