উকা কপাল খন সেন্দুৰীয়া হ’ল – পিংকী বৰা

উকা কপাল খন সেন্দুৰীয়া হ’ল
পিংকী বৰা, মাজুলী
আগৰ সেই গাভৰুজনী আজি বোৱাৰী হ’ল
আজি তাইৰ উকা কপালখন সেন্দুৰীয়া হ’ল
আজিৰে পৰা তাই কাৰোবাৰ অৰ্ধাংগিনি
আন কাৰোবাৰ বাবে লখিমী বোৱাৰী হ’ল
হাজাৰ সপোন বুকুত বান্ধি ,
তাইও আজি এখন ঘৰৰ গৃহিণী হ’ল !
মাক – দেউতাকৰ বুকু উদং কৰি
যাবলৈ ওলাল আজি আন তাই আন এখন ঘৰলৈ বুলি,
অগ্নিক সাক্ষী কৰি দুয়ো দুয়োৰে হৈ
চিৰজীৱন একেলগে থাকিম বুলি দিলে  প্ৰতিশ্ৰুতি
বুকুখন যেন আজি বৰকৈ বিষাইছে
অতীতৰ কথা বোৰ দেখোন আজি তাইক  বৰকৈ আমনি কৰিছে ,
দুচকুত চকু পানী ৰাখি  তেওঁলৈ চাই মাৰিলে তাই এটি মিচিকি হাঁহি
আজিৰ পৰাটো আপুনি মই জীৱন বাটৰ লগৰী ।
তেওঁৰ নামত উকা কপালখনত আঁকি ললোঁ এটি সেন্দুৰীয়া ফোট
আয়তীৰ উৰুলিৰে চৌপাশ ৰজন জনাই গ’ল ,
মাক – দেউতাকৰ আশীৰ্বাদ শিৰত লৈ
যাবলৈ  বুলি ওলাল তাই আজি
কাৰোবাৰ অৰ্ধাংগিনি হ’বলৈ ।।