আৰ্তনাদ
সবিতা বেগম, বৰপেটা
আৰু কিমান দিন ?
স্তব্ধতাৰ আৰত সাগৰ হেঁচি
মেঘৰ বুকুত তৰা বিচাৰি
উজাগৰী নিশা
গনি যাম কেলেণ্ডাৰৰ পাত ???
ক্ষন্তেক জিৰণি
কূলহীন সমুদ্ৰ তীৰত!!!
জনমৰুত আজি
নিসংগতাৰ কৰুন আৰ্তনাদ।
আৱৰনহীন হৃদয়
আজি নিলাম!!!
অলেখ শব্দৰ আলিংগন
দস্তাবেজত।
মৃত্যুহীনতা এটি শব্দ মই
হাঁহিবলৈ ভাল পাওঁ
বাৰে বাৰে ….!!!
ক্ষোভ নকৰোঁ …
মাথোঁ ক্লান্ত মই
পাহাৰ বগাই
প্ৰতিধ্বনি অহৰহ… !!!
তথাপি ….
অনুভৱৰ চোতালত
এগচি নীলা চাকি …
তোমাৰ নামে …..।।