ড০ বীৰেন্দ্ৰ নাথ দত্ত, অৰুণ লোচন দাস, দশৰথ দাস, শৰৎ বৰকটকীৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক

ড০ বীৰেন্দ্ৰ নাথ দত্ত, অৰুণ লোচন দাস, দশৰথ দাস, শৰৎ বৰকটকীৰ বিয়োগত ভিন-ভিন দল-সংগঠনৰ শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভাৰ ভূতপূৰ্ব সভাপতি, প্ৰসিদ্ধ লোক-সংস্কৃতিৰ গৱেষক, সাহিত্যিক, পণ্ডিত ড০ বীৰেন্দ্ৰ নাথ দত্ত, বিশিষ্ট সাংস্কৃতিক সাংবাদিক অৰুণ লোচন দাস, ভ্ৰাম্যমাণ থিয়েটাৰৰ মহীৰূহ, কন্ঠসম্ৰাট দশৰথ দাস আৰু অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী শৰৎ বৰকটকীৰ বিয়োগত ভিন-ভিন দল-সংগঠনে একেমুখে গভীৰ শোক প্ৰকাশ কৰি শোক-সন্তপ্ত পৰিয়ালবৰ্গসমূহলৈ সমবেদনা জ্ঞাপন কৰে । বাতৰি কাকতলৈ বহুভাষিক সাহিত্য‌‌ মঞ্চ, অসম চমুকৈ “বহুবাক”ৰ প্ৰধান সম্পাদক দীপক শৰ্মা, সন্মিলিত জনজাতি সাংস্কৃতিক মঞ্চ, অসমৰ সভাপতি দেবেন্দ্ৰনাথ বসুমতাৰী, অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক অৱনী ৰঞ্জন পাঠক, অখিল ভাৰতীয় সাহিত্য পৰিষদ, গুৱাহাটী জিলা সমিতিৰ সভাপতি নিশুতি মজুমদাৰ, চৰকাৰী পেঞ্চনাৰ সন্থা, অসমৰ সম্পাদক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা, বিশিষ্ট গীতিকাৰ শচীন দাস, বিশিষ্ট কন্ঠশিল্পী ডিজেন কাকতী, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নিখিল ৰাভা লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা ড০ মলিনা দেৱী ৰাভা, নাৰী কল্যাণ মঞ্চ, অসমৰ সচিব ড০ অসমী গগৈ, মানুহ আৰু পৰিবেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ সহকাৰী সম্পাদক মীনাক্ষী সিনহা, বিশ্বনাথ জিলা সাহিত্য সভাৰ সভাপতি প্ৰদীপ কুমাৰ শৰ্মা, গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি বাণীকান্ত ৰাভা, উপ-সভাপতি ড০ এম গোপাল ৰাভা, সম্পাদক জিতুমণি দাস, দক্ষিণ কামৰূপ সচেতন মঞ্চৰ‌ অধ্যক্ষ মদন দাস, অসম শিশু সাহিত্য সমাজ, পৰাগজ্যোতি প্ৰকাশন, স্বেচ্ছাসেৱী অনুষ্ঠান “ৰং”, আদি বিভিন্ন সংগঠনে ৰাজ্যখনৰ ভিন-ভিন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলৰ বিয়োগত শোক প্ৰকাশ কৰি একো-একোজন মহান ব্যক্তিক হেৰুৱালোঁ বুলি একেমুখে মন্তব্য দাঙি ধৰে ।