মাতৃৰ কৰুণ মৃত্যু – জ্যোতিৰ্ময়ী শৰ্ম্মা 

PC - Pngtree
মাতৃৰ কৰুণ মৃত্যু
জ্যোতিৰ্ময়ী শৰ্ম্মা 
হে মাতৃ সন্তানৰ লালিতা পালিতা তুমি
সন্তানৰ লগত দিন-ৰাত একাকাৰ কৰি
আতোলতোলকৈ পালিছিলা তুমি
উচ্চ শিক্ষাৰে শিক্ষিত কৰি তোমাৰ সন্তানক
জ্ঞান দীপ্তি শিক্ষাৰে উজ্জ্বলাই তুলিলা
গুণী জ্ঞানীৰ সন্মান দিলা
কিমান যে গৰ্বিত হ’লা বিদেশত আছে বুলি
তোমাৰ সন্তান….
অৱশেষত পালা কি,
অনাহাৰে থাকি কাৰো মুখ নেদেখি  অজানিতে,
অমাততে
তিল তিলকৈ মৃত্যুক ল’লা সাৱতি
উন্নত বিজ্ঞান-প্ৰযুক্তি যুগতো
মাকৰ খৱৰ ৰাখিবলৈ সুবিধা নহ’ল
প্ৰতিবেশীসকল একা
তেওঁলোকৰো নাই আহৰি
এগৰাকী বৃদ্ধাক নেদেখি নুঠে নে প্ৰশ্ন তেওঁলোকৰ
জাগ্ৰত নহয় নে বিবেক
সন্তানসকল গা এৰা দিয়া বিধৰ
নহ’লেনো গমকে নাপালে মাকৰ কেনেনো
অৱস্থাৰ গতি
 সেই মাতৃৰেই মৌকোঁহ  পাণ কৰি
  সৰগ দেখি মাতৃত্বক গ’ল পাহৰি
খতিয়ান ল’বলৈ তেওঁলোকৰ আহৰিকে নাই
মাতৃৰ গেলি পচি যোৱা মৃত দেহক
কি উত্তৰ দিব তোমাৰ সন্তানে এতিয়া
সমাজক কলুসিত কৰা এনে উচ্চ শিক্ষিত লোক
মানবতাক মষিমূৰ কৰি এনে উচ্চ শিক্ষাৰ নাই কোনো অৰ্থ
ধিক্কাৰ এনে শিক্ষাৰ ধিক্ এনে মানসিকতাৰ
এক হৃদয়বিদাৰক কৰুণগাঠা
মাতৃৰ জীৱনৰ শেষ  নিঃসহায় অৱস্থা
তিল তিলকৈ মৃত্যুক আকোৱালি ল’লা
মানবতাৰ অবক্ষয় হোৱা নাই নে?