উন্নয়নৰ নামত সোৱণশিৰিৰ বুকু শুকাই যোৱাতো অসমৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী- অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

উন্নয়নৰ নামত সোৱণশিৰিৰ বুকু শুকাই যোৱাতো অসমৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী- অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা

ৰঙিলী বাৰ্ত্তাসেৱা–  মাত্ৰ দুঘণ্টাৰ ভিতৰত সোৱণশিৰি নদী শুকাই যোৱাৰ বাবে চাৰিওফালে সৃষ্টি হৈছে বিৰূপ প্ৰতিক্ৰিয়াৰ। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বৃহৎ নদীবান্ধৰ বাবে সোৱণশিৰি শুকাই যোৱাক লৈ প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উন্নয়নৰ নামত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ দি বিজেপি চৰকাৰে যি নিৰ্বিকাৰ ভূমিকা পালন কৰিছে সেয়া নিন্দনীয় আৰু ধিক্কাৰজনক বুলি উল্লেখ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।তেওঁ নিজৰ মন্তব্যত কয় যে, সোৱণশিৰিৰ এই অৱস্থাৰ বাবে NHPC যিমান দায়ী সিমান দায়ী অসম চৰকাৰো। নদীবান্ধৰ বিৰোধীতা কৰি বিজেপি চৰকাৰ ক্ষমতাত আহিছিলে আৰু ক্ষমতাত আহি তেওঁলোকেই নদীবান্ধৰ সপক্ষে ঠিয় দিলে। অসম আৰু অসমীয়াৰ জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নাই। উন্নয়নৰ নামত ভৰি থকা নদী এখন মাত্ৰ দুঘণ্টাৰ ভিতৰত শুকাই যোৱা ঘটনাই আমাক, সকলোকে শংকিত কৰি তুলিছে, এয়া অসমৰ বাবে ভয়ংকৰ বিপদৰ আগজাননী । নদীবান্ধৰ বিৰূদ্ধে কৰা প্ৰতিবাদ ভৰিৰে মোহাৰি বিজেপি চৰকাৰে যি সিদ্ধান্ত লৈছিল সেই সিদ্ধান্ত যে ভূল সেয়া প্ৰমাণিত হৈছে। পূৰ্বৰে পৰা বিশেষজ্ঞ সকলে এই নদীবান্ধে যে অসমলৈ বিপদ মাতিব সেই কথা আজি প্ৰমাণিত হ’ল। একমাত্ৰ চৰকাৰৰ মইমতালিৰ বাবে এখন নদী আজি মৃত্যুমুখী হ’ল। পৰিবৰ্তন আৰু উন্নয়নৰ নামত নদীবান্ধৰ সপক্ষে থিয় দি, নৈ পৰীয়া ৰাইজক মৃত্যুৰ মুখলৈ ঠেলি দি হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ চৰকাৰে যে মনে মনে বহি থকা পৰিলক্ষিত হৈছে সেয়া সঁচাই নিন্দনীয় আৰু দুখলগা। অসম তৃণমূল কংগ্ৰেছে চৰকাৰৰ এনেধৰনৰ সিদ্ধান্তৰ বিৰুদ্ধে আগতেও প্ৰতিবাদ কৰি আহিছে আৰু ভবিষ্যতেও দেশৰ স্বাৰ্থত এনেকুৱা দুৰ্ভাগ্যজনক সিদ্ধান্তৰ বিৰূদ্ধে প্ৰতিবাদ কৰি যাব বুলিও বৰাই দোহাৰে।