পৰিৱৰ্তন – সবিতা বেগম

PC Forbes
পৰিৱৰ্তন
সবিতা বেগম, বৰপেটা
হয়,ঠিকেই কৈছে
পৰিৱৰ্তন…..
মই পৰিৱৰ্তন !!!
প্ৰশ্ন মোৰো
পৰিৱৰ্তন মই
য’ত শব্দৰ বননিত
প্ৰায় সকলো গছ-তৃণ
মোৰ বুকুৰ চিনাকি
খুবেই আপোন
আপুনিৰ পৰা তুমি …
তুমিৰ পৰা বন্ধুত্ব।
আজি…
সময়ে মোক
পৰিৱৰ্তন কৰিলে
নে মই পৰিৱৰ্তনৰ সুঁতিত
গতি , কোনে ???
নে হাংগৰ ৰূপী সময়ৰ গৰ্ভত
মই নিমজ্জিত
স্মৃতিৰ ৰঙীন দেশত
মই ৰূপকথাৰ সাধুৰ দৰে
আজিও জীয়াই আছোঁ
হয়তো ,
তোমালোকৰ স’তে মই নাই
কিন্তু মোৰ স’তে তোমালোক
সদায় সিদিনাও আজিও একেদৰেই সজীৱ।
”অতীত” শব্দ অভিধানত হোৱা নাই।
মাথোঁ মই অতীত।
সময়ে মোক বেয়াকৈ যাতনা দিলে
কেতিয়াবা নিজক দেখি
বৰকৈ হাঁহি উঠে
হয়তো এদিন এনেকৈয়ে
পাহৰণিৰ কাল গহ্বৰত
মোৰ আৰু কোনোবাক কৰা হ’ব কবৰস্থ।
সকলো দলিল আপোন পথে
নাম কীৰ্তন লীলা মেলা
সকলো ভুৱা
হয়, সঁচাকৈয়ে মই
মই নামৰ মানচিত্ৰটো ক’লা চিয়াঁহীৰে অংকন
সময়ৰ নামত মই ৰূপটোৰ পৰিৱৰ্তন।