কবিয়ে কি বিচাৰে – শতাব্দী শৰ্মা

কবিয়ে কি বিচাৰে

শতাব্দী শৰ্মা, নগাঁও 
কবিক হেনো লগ নালাগে,
বন্ধুত্বৰ উপমাৰে কাৰ্শলা সাপ পুহি
কবিয়ে হেনো ভাল নাপায়।
কবিয়ে ভাৱনাত ডুবে,
কবিয়ে নিস্তদ্ধতা বিচাৰে ,
কবিয়ে সাগৰক মনৰ কথা কয়,
কবিয়ে আকাশক বন্ধুত্বৰ আদৰেৰে আদৰি লয়।
কবিয়ে নিজৰ মনতেই সাতোৰঙী ৰামধেনুৰ
বিচিত্ৰতা অংকন কৰে ।
কোনেও নজনাকৈ
সংগোপনে।