“মই যে শৰৎৰ আজন্ম প্ৰেমিক” – মুন শৰ্মা

Pc Flickr
“মই যে শৰৎৰ আজন্ম প্ৰেমিক”
মুন শৰ্মা,লখিমপুৰ
তোমাৰ প্ৰেমিক  আজি বিয়াকুল,
পাগল প্ৰেমিক  মাতাল আজি প্ৰেমৰে ৰাগীত,
শৰৎ নিশাৰ   জোনাকী ঘাটত,
শেৱালিৰ লগতে তোমাৰো সুগন্ধি ভাঁহিছে যে সমীৰত,
বাহঃ কি সুন্দৰ…..
শৰৎ ,জোনাক, সমীৰ আৰু তুমি,
 দেখোন  অপূৰ্ব, মনোৰম, বিতোপন এক  সমাহাৰ।
বুজিব যে আৰু বাকী মই,
জানিলো আজি এই নীৰৱ নিশাতে,
নমাব  মনেৰে মাজত,
তুমি ৰূপী প্ৰেমৰ এজাক মায়া সৰা বৃষ্টি সোণালী।।