নাজিৰা কবি সন্মিলনৰ নতুন সমিতি গঠন

নাজিৰা কবি সন্মিলনৰ নতুন সমিতি গঠন
যদুমণি হাজৰিকা,নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা-  সদৌ অসম কবি সন্মিলনৰ অন্যতম শ্ৰেষ্ঠ শাখা নাজিৰা কবি সন্মিলনৰ ২০২৩-২০২৫বৰ্ষৰ  দুবছৰীয়া কাৰ্যকালৰ বাবে এখনি নতুন কাৰ্যনিবাৰ্হক সমিতি গঠন কৰা হয়৷ গত ২৮ অক্টোবৰত নাজিৰাস্থিত শ্ৰীমন্ত শংকৰদেৱ সংঘ নামঘৰ প্ৰেক্ষাগৃহত শাখাৰ সভাপতি অজিত খাটনিয়াৰৰ পৌৰুহিত্যত অনুষ্ঠিত  সাধাৰণ সভাত গড়গাঁৱৰ বিশিষ্ট লেখিকা তথা গড়গাঁও উচ্চ  মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অৰুণা চেতিয়া খাটনিয়াৰক সভানেত্ৰী , হেমন্ত ৰাজখোৱা আৰু বাউলী মৈদাম উচ্চ  মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী-কবি লাৱণ্য দত্ত ফুকনক উপ-সভাপতি, হৰেন চন্দ্ৰ নাথক সম্পাদক আৰু বিশিষ্ট লেখিকা নিজৰা সন্দিকৈ ফুকনক পত্ৰিকা সম্পাদক , মঞ্জু ঘৰফলীয়া বড়া , উমেশ চন্দ্ৰ গগৈ,  প্ৰণৱ দুৱৰা , জনম খনিকৰক সহকাৰী সম্পাদক,  দিতিমণি বুঢ়াগোহাঁই , শিখা বুঢ়াগোহাঁইক সাংগঠনিক সম্পাদক,  দীপা গগৈ সন্দিকৈক কোষাধ্যক্ষ , নিজৰা সন্দিকৈ ফুকনক প্ৰত্ৰিকা সম্পাদিকা , দিলীপ হাজৰিকাক প্ৰচাৰ সম্পাদক  , নিৰুপমা দত্তক সাংস্কৃতিক সম্পাদিকা , সমন্বয়ক উপ সমিতিৰ মুখ্য সমন্বয়ক , ৰাম নায়কক সমন্বয়ক , চৈয়দ মুকিবুৰ ৰহমানক ডিজিটেল উপ-সমিতিৰ আহ্বায়ক  হিচাপে লৈ এখন ২১ জনীয়া কাৰ্যনিবাৰ্হক সমিতি গঠন কৰা হয়৷ শিৱসাগৰ জিলা কবি সন্মিলনৰ সম্পাদক সুৰেশ ভূঞা পৰ্যবেক্ষক হিচাপে উপস্থিত থকা সভাত সম্পাদক হৰেন চন্দ্ৰ নাথে উদ্দেশ্য ব্যাখ্যা কৰা পিছতেই ২০২১-২০২২ আৰু ২০২২-২০২৩ বৰ্ষৰ সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে আৰু সভাই আলোচনা মৰ্মে গ্ৰহণ কৰে৷ সভাত আগন্তুক জিলা অধিৱেশনলৈ প্ৰতিনিধি প্ৰেৰণ, শাখাৰ কাযাৰ্লয় গৃহ নিমাৰ্ণ, নৱ-প্ৰজন্মক কবি সন্মিলনৰ মঞ্চলৈ আকৰ্ষণ কৰাকে ধৰি বিবিধ বিষয় সম্পৰ্কত কবি-সদস্যসকলে মতপ্ৰকাশ কৰে৷ সভাত মেজেঙ্গা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা তথা কবি বিচিত্ৰা বৰা ভূঞা, কবি আয়েছা খাতুন, উমেশ চন্দ্ৰ গগৈ, নিৰুপমা দত্ত, শিখা বুঢ়াগোহাঁই, দিতিমণি বুঢ়াগোহাঁই, পিংকী দাস লিকচন, জনম খনিকৰ, ৰবিন বৰঠাকুৰ, দীপা গগৈ সন্দিকৈ, ময়ুৰী ৰাজোৱাৰ, দৃষ্টিমা গগৈ, মঞ্জু ঘৰফলীয়া বড়াকে আদি কৰি সদস্যসকল উপস্থিত থাকে৷