চাদাত হাছান মাণ্টোৰ কাহিনীৰে ছিগালৰ নতুন নাটক — অনুজ্ঞাপত্ৰ

চাদাত হাছান মাণ্টোৰ কাহিনীৰে ছিগালৰ নতুন নাটক — অনুজ্ঞাপত্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ২৯ অক্টোবৰৰ সন্ধিয়া ৬ বজাত জুৰোডৰ জুৰণি পথস্থিত ছিগাল ষ্টুডিঅ’ ত ছিগাল থিয়েটাৰ গোষ্ঠীয়ে নতুন দিল্লীৰ সংগীত নাটক একাডেমীৰ সহযোগিতাত নিবেদন কৰিব নতুন অসমীয়া নাট “অনুজ্ঞাপত্ৰ”।প্ৰসিদ্ধ ঊৰ্দু সাহিত্যিক ছাদাত হাছান মাণ্টোৰ বহু চৰ্চিত কাহিনীৰ আধাৰত মঞ্চস্থ হ’বলগীয়া নাটখনি পৰিচালনা কৰিছে তৰুণ পৰিচালক বিকাশ দাসে।নাট্যৰূপ বিকাশ দাস আৰু মীনাক্ষী ডেকাৰ।নাটখনিত অভিনয় কৰিছে অভিষেক ভাৰতী, বি পাল্কী, অংকিত গোস্বামী,দেৱশংকৰ নাথ,শ্ৰেয়ান শেখৰ শৰ্মা,আকাশ শইকীয়া,আফতাব হুছেইন,কৰণ কুমাৰ হাজৰিকা,প্ৰণৱ নিবিৰ,পবন কাশ্যপ,ধৰিত্ৰী গগৈ,অংকিতা বৈশ্য আৰু সম্প্ৰীতি শিবমে।সংগীত ধনজিৎ বড়োৰ।কষ্টিউম ডিজাইন গীতিকা শৰ্মাৰ।আলোক পৰিকল্পনা কাণুৰ।মঞ্চ সামগ্ৰী নিৰ্মাণ কৰণ কুমাৰ হাজৰিকা আৰু আকাশ শইকীয়াৰ।নাটখনিৰ সামগ্ৰিক পৰিকল্পনা বাহাৰুল ইছলাম আৰু ভাগীৰথীৰ। উপৰিল্লিখিত নাট্য সন্ধিয়াটিত নাট্যানুৰাগী আৰু মাণ্টো অনুৰাগী দৰ্শক ৰাইজৰ উপস্থিতি ছিগালৰ তৰফৰ পৰা অনুৰোধ জনাইছে৷