শাৰদীয় দুৰ্গা পূজা – ছেলিমা বেগম 

Pc Unsplash
শাৰদীয় দুৰ্গা  পূজা 
ছেলিমা বেগম 
নগাঁও
কোমল বতাহ জাকে কাণে কাণে কৈ যা
শৰতৰ হৈতে সম্পৰ্ক আছে
কঁহুৱা, শেৱালি, নিয়ৰৰ
কৈ দিলে পূজা আহিছে
নদীৰ পাৰত উতলা বতাহত
নাচি নাচি কঁহুৱা বোৰেও ৰৈ থাকে
পূজা আহিছে বুলি।
পূজা মানেই আনন্দ, পূজা মানেই ফুৰ্তি
তল সৰা শেৱালিৰ মিঠা গোন্ধাই
চৌদিশে আমোল মোলাই ।
বতাহত কঁহুৱা নাচিলে, আকাশত
শুকুলা ডাৱৰে খেলিলে
দূৱৰিয়ে নিয়ৰৰ মুকুতা পিন্ধিলে
পূজা পূজা লাগে, আৰাধনা
কৰা হয় “মাঁ” দূৰ্গাক।
পূজাৰ বাঁহী বাজে দূৰনীত
মা দূৰ্গা আহে বছৰত এবাৰ
“মাঁ”দূৰ্গা নৃত্য গানৰ তালে তালে
“মাঁ”দূৰ্গা আহে ত্রিভূবনত
তোমাৰ অপূৰ্ব ৰূপৰ মহিমা লৈ
ধৰাৰ বুকুলৈ নামি আহিবা
সকলোৰে আশা পূৰ্ণকৰিবা।