হোটেল লিলিত বিৰোধী ঐক্য মঞ্চৰ বৈঠক

হোটেল লিলিত বিৰোধী ঐক্য মঞ্চৰ বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা– মহানগৰীৰ হোটেল লিলিত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক৷ এই বৈঠকত ভাগ লৈছে ১৩টাকৈ বিৰোধী দলৰ নেতৃবৃন্দই। লোকসভাৰ আসনৰ ভাগ–বটোৱাৰাক লৈ মহানগৰীৰ হোটেল লিলিত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক৷ ১৩ ৰাজনৈতিক দলৰ উপস্থিতিত বৈঠক হোটেল লিলিত৷ পূৰ্বে ১২টা ৰাজনৈতিক দল থকা বিৰোধী ঐক্য মঞ্চত বৃহস্পতিবাৰৰ বৈঠকত সংযোগ হ’ল আন এক নতুন ৰাজনৈতিক দল৷  নতুনকৈ যোগ হোৱা দলটো All India Forward Bloc চমুকৈ AIFB৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা তথা আন আন শীৰ্ষ নেতৃবৃন্দই এই বৈঠকত উপস্থিত হয়। বৈঠকত সাংসদ অজিত কুমাৰ ভূঞা,ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ,অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ,তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰা,বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে অন্য ৰাজনৈতিক দলৰ নেতৃবৃন্দইয়ো অংশগ্ৰহণ কৰিছে।এই বৈঠকক লৈ আশাবাদী প্ৰতিটো বিৰোধী দলৰ শীৰ্ষ নেতাৰ। বিজেপিক যিকোনো প্ৰকাৰে পৰাভূত কৰাটোৱেই একমাত্ৰ লক্ষ্য হিচাপে স্থিৰ কৰিছে বিৰোধী ঐক্যই।