‘জনসেৱা সঁচা মানুহ বিচাৰি’ৰ গছপুলি ৰোপণ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাস্থিত স্বেচ্ছাসেৱী সংস্হা “জনসেৱা সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত ২২ অক্টোবৰত চম্পাৱতী হাইস্কুল খেলপথাৰত ৪০ ডাল বিভিন্ন জাতৰ গছপুলি ৰোপণ কৰা হয়৷সংস্হাৰ সম্পাদক নুৰুল হক আহমেদে আঁত ধৰা গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি,ডিমৰীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক দিগন্ত দৈমাৰীয়ে৷গছপুলি দি সহায় কৰিছে সংস্হাৰ সদস্য শুভাংসু মড়লে৷তাৰ পাছতে সভাপতি কুমুদ শৰ্মা,সম্পাদক নুৰুল হক আহমেদৰ লগতে উপদেষ্টা,সদস্য পৰীক্ষিত কুমাৰ বড়ো,প্ৰদীপ কলিতা,শুভাংসু মড়ল,গকুল বৰুৱা,বাণীকান্ত শৰ্মা,গিৰীশ বৰা,দীনেশ বৈশ্য,মদন মোহন তালুকদাৰ,জাবেদ আলী,জেহেৰুল আলী আদিয়ে গছপুলি ৰোপণ কৰি জনসেৱাৰ এনে পদক্ষেপক শলাগ লয় আৰু ভৱিষ্যতে এনেধৰণৰ কাৰ্যসূচী হাতত লবলৈ আহ্বান জনায়৷আনহাতে,গছপুলি কেইটা মৰহি নাযায় তাৰ বাবে যতন লবলৈ দিহা পৰামৰ্শ আগবঢ়ায়৷
