১৭৩৮ চনতে আহোম ৰজাই প্ৰতিষ্ঠা কৰা শ্ৰী শ্ৰী কোতোহাগুৰি দেৱালয়ৰ দুৰ্গা পূজা
মৃগাংক বৰুৱা ,ৰূপাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- ১৭৩৮ চনতে আহোম ৰজাই প্ৰতিষ্ঠা কৰা প্ৰাচীন শ্ৰী শ্ৰী কোতোহাগুৰি দেৱালয়ৰ দুৰ্গা পূজা উলহমালোহেৰে অনুষ্ঠিত কৰা হৈছে। এই পূজা ভাগৰউদ্যাপন সমিতিৰ সভাপতি- পূৰ্ণ শইকীয়া , কাৰ্যকৰী সভাপতি- দিলিপ শইকীয়া, সা° সম্পাদক- বিশ্বজিত গগৈ, মূল পৰিচালনা সমিতিৰ সভাপতি পলাশ চক্ৰৱৰ্তী, সা° সম্পাদক -নোমল গগৈয়ে জানিবলৈ দিয়া মতে আজি সন্ধিয়া সাস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। প্ৰতি দিনেই ভক্তপ্ৰাণ ৰাইজক প্ৰসাদ, ভোগ, চাহ আদিৰে অপায়ন কৰিছে। এই পূজা ভাগৰ আমহাত্ম্য অপাৰ বুলি ৰাইজে প্ৰমাণ পাইছে। এইবাৰ পৰিচালনা সমিতিয়ে পূজা ভাগ বিশেষ আকৰ্ষণীয় কৰিবলৈ উদ্যোগ লোৱা দেখা গৈছে।
