শৰতৰ সুবাস – সত্যজিৎ গগৈ

শৰতৰ সুবাস
সত্যজিৎ গগৈ, নাহৰকটীয়া, ডিব্ৰুগড়
শৰত মানেই শেৱালি আৰু কঁহুৱা ফুলাৰ বতৰ।চৌদিশে মাথোঁ শুকুলা  চাদৰ। শেৱালিৰ সুবাসেই দিয়ে শৰত অহাৰ আগজাননী।কহুঁৱা ফুলৰ শুভ্ৰ সাজে সকলোৰে মন জাতিষ্কাৰ কৰি তোলে আৰু নিয়ৰৰ টুপ্ টুপ্ কণাই নতুনকৈ সঁজাই তোলে পৃথিৱী।কিন্তু বৰ্তমান সময়ত এইবোৰৰ সুবাস যেন নোহোৱা হৈছে।শৰতৰ পুৱাৰ জীপাল পৃথিৱীৰ বুকুত ফুলি ৰোৱা শেৱালিৰ ফুল বুটলি মালা গঁথাৰ সময় ক’ত ! তাতোকৈ দুখৰ কথা যে শেৱালি ফুলৰ গছো ঠাই বিশেষে কমি আহিছে।আজিৰ যান্ত্ৰিকতাৰ যুগত শেৱালিয়ে ঠাই নোপোৱা হৈছে।নিশাৰ সুগন্ধি  বিয়পাই গছ ভৰি শেৱালি ফুলি থকাৰ দৃশ্য এতিয়া দুৰ্লভ।শেৱালিৰ সুবাসেও আমোলমোলাই নাথাকে চৌদিশ।শেৱালি যে কেৱল ফুল হে এনে নহয়।ই ঔষধি গুণ সম্পন্ন আৰু বহু অসমীয়াই ইয়াক ব্যঞ্জণ হিচাপেও খাই।পূৰ্বে সকলো অসমীয়াৰ ঘৰে ঘৰে আছিল শেৱালি।পুৱাতেই শিশুৰ পৰা জেষ্ঠজনলৈকে সকলোৱেই তামোলৰ ঢকুৱাত শেৱালিৰ ফুল বুতলি লৈছিল ঘৰলৈ বুলি।শিশু হঁতেও ওমলিছিল মালা গাঁঠি।আমাৰ পদুলিতো আছিল এজোপা প্ৰকাণ্ড শেৱালি।আমিও বুতলিছিলো,খেলিছিলোঁ ভাগৰি নপৰালৈকে।সেই শেৱালি জোপাই আগতীয়াকৈ দিছিল শৰতৰ আগমনীৰ খবৰ।কিন্তু সময়ৰ সোঁতৰ লগে লগে বয়স বাঢ়ি অহাত আমি শেৱালি জোপা হেৰুৱালোঁ।ভৱিষ্যত প্ৰজন্মই জানিব বুলিয়েই অন্য এজোপাক পুনৰ জীয়াই তুলিছো যদিও সুগন্ধি বিলাব পৰাকৈ পৈনত হোৱা নাই।শুকুলা কহুঁৱা ফুলবোৰেও মৃদু বতাহত জিৰ্ জিৰ্ কৈ হালি-জালি শৰতক সম্ভাষণ জনাই।সেয়েহে ড° ভূপেন হাজৰিকাই গীতত গাইছে-
“কহুঁৱা বন মোৰ অশান্ত মন
আলফুল হাতেৰে লোৱা সাৱতি”
এতিয়া আলফুল হাতেৰে কহুঁৱা বন সাৱতি লবলৈকো নোহোৱা হৈছে।আধুনিক হাতীয়ে মষিমূৰ কৰিছে সৰ্বস্ব।নদীৰ কাষত এবাৰ দোঁ খাই,এবাৰ ওপৰলৈ উঠা চাই আত্মবিভোৰ হোৱা কহুঁৱা বনৰ দৃশ্য এতিয়া প্ৰায় নাইকিয়া হ’ব ধৰিছে।তাৰ ঠাই বাহিৰাগত আগ্ৰাসনে অধিকাৰ কৰিছে।আকৌ আজিৰ যুগত পুৱাৰ দূৱৰি বনত পৰি জিলমিলাই থকা মুকুতা চাই মুগ্ধ হোৱাৰ সময়ে বা ক’ত?মুকুতা বুটলি আনন্দত বিভোৰ হোৱাৰ সময় জানো আজিৰ প্ৰজন্মৰ আছে !আনকি নিয়ৰৰ দলিচাত খোজ দিবৰ সময়ো নোহোৱা হ’ল আমাৰ।
পাৰ্বতিপ্ৰসাদ বৰুৱাইও আহিন মাহৰ শেৱালি,নিয়ৰৰ কথা লিখিছে এনেদৰে-
“আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন।”
বৰ্তমান সময়ত প্ৰকৃতিৰ সেই অপৰূপ সৌন্দৰ্য হেৰাই গৈছে।এতিয়া কেৱল প্ৰকৃতিৰ ওপৰত সভ্য মানৱে টানি-আঁজুৰি শেষ কৰিব খোজা বৰ্বৰ অত্যাচাৰ।সেয়েহে আজিকালি প্ৰকৃতিও ৰুষ্ট আৰু প্ৰতিশোধ পৰায়ণ হৈ পৰিছে।যি কি নহওক,শৰতৰ সুবাস প্ৰতি বছৰেই উদ্ভাসিত হয়,হৈছে আৰু হৈ থাকিব।ইয়াৰ বাবে প্ৰকৃতিৰ ওপৰত চলা নিৰ্মম অত্যাচাৰ ৰোধ কৰিব লাগিব।।