দৰঙৰ বিশিষ্ট সমাজসেৱিকা ৰাণী দেৱীৰ মৃত্যু
মঙলদৈ,ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ বিশিষ্ট সমাজসেৱিকা মঙ্গলদৈ শান্তিপুৰ নিবাসী ৰাণী দেৱীৰ (৮৪) কালি সন্ধিয়া নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি ঘটে। সাহিত্য আৰু সমাজসেৱা দুয়োখন ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰা ৰাণী দেৱীয়ে অসম আন্দোলনত বলিষ্ঠ অংশগ্ৰহণ কৰিছিল। ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিৰ আজীৱন সদস্যা, দৰং জিলাৰ এগৰাকী নেতৃস্থানীয় মহিলা, দৰঙৰ এক প্ৰতিবাদী কণ্ঠ, দৰং জিলা মহিলা সমিতিৰ দীৰ্ঘকালৰ সভানেত্ৰী তথা বৰ্তমানৰ মুখ্য উপদেষ্টা ৰাণী দেৱীৰ বিয়োগত মঙ্গলদৈ বাসীৰ মাজত শোকৰ বন্যা বিয়পি পৰে। তেওঁৰ মৃত্যুত জিলাখনৰ জনপ্ৰতিনিধি তথা বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত অসংখ্য লোকে বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। মৃত্যুৰ সময়ত তেওঁ পুত্ৰ, কন্যা সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়। আজি দিনত মঙ্গলদৈৰ ৰাজহুৱা শ্মশানত তেখেতৰ শেষ কৃত্য সম্পন্ন হয়।