দুৰ্নীতি বিৰোধী মঞ্চৰ সভাপতি ধৰ্মকান্ত গগৈৰ লগতে শতাধিক লোকৰ বিজেপিত যোগদান
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বলিষ্ঠ কৰ্মৰ প্ৰতি আকৃষ্ট হৈ দুৰ্নীতি বিৰোধী মঞ্চৰ সভাপতি ধৰ্মকান্ত গগৈৰ লগতে ১০০ ৰো অধিক কৰ্মীয়ে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰে। নৱাগত সকলক দলৰ মজিয়ালৈ আদৰণি জনাই ভৱেশ কলিতাই কয়, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত দেশ আজি বিশ্বৰ অন্যতম শক্তি হিচাপে পৰিগণিত হৈছে। দেশৰ প্ৰতিজন জনসাধাৰনেই এতিয়া উন্নয়নৰ মুখ দেখিছে। দেশ নিৰ্মাণৰ এই পৱিত্ৰ সেৱাত ব্ৰতী হ’বলৈ অহা প্ৰতিজন ব্যক্তিকে স্বাগতম জনাইছো। যোগদান কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক মানব ডেকা, ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লো ৰঞ্জন শৰ্মা উপস্থিত থাকে৷