শিক্ষক সমাজক ‘হিতাধিকাৰী’ আখ্যা দিয়া কাৰ্যক সমালোচনা ৰিপুণ বৰাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষকসমাজক ‘হিতাধিকাৰী’ আখ্যা দিয়া কাৰ্যক সমালোচনা কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।আজি এক বিবৃতিত সভাপতি বৰাই কয়,’অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসমৰ শিক্ষকসমাজক ‘হিতাধিকাৰী’ আখ্যা দিয়া কাৰ্যক গৰিহণা দিছো। ড° শৰ্মাৰ বক্তব্য চূড়ান্ত অপমানজনক। শিক্ষকসকল সমাজৰ মেৰুদণ্ডস্বৰূপ। সেই শিক্ষাগুৰুক অপমান মানে জাতিটোকে অপমান। তেওঁৰ আচৰণৰ স্পৰ্ধা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও উদয়াদিত্য ভৰালী, ড° হীৰেন গোহাঁইৰ দৰে ব্যক্তিৰ বিৰুদ্ধে অশালীন আৰু অমাৰ্জিত শব্দ ব্যৱহাৰ কৰি তেওঁৰ অসুস্থ স্বৰূপ দেখুৱাই থৈছে। পিএইচডি ডিগ্ৰী লাভ কৰা ড° শৰ্মাই হিতাধিকাৰী শব্দৰ অৰ্থ যদি বুজি নাপায়, তেন্তে তেনে এজন ব্যক্তিৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ তিলমাত্ৰও যোগ্যতা নাই।শিক্ষকসকলে নিয়মমাফিক সেৱা আগবঢ়ায়, চৰকাৰক নিয়মীয়াকৈ কৰ দিয়ে। শিক্ষকৰ চাকৰি ড° শৰ্মা চৰকাৰে তেওঁলোকক দিয়া অনুগ্ৰহ নহয়। মাথোঁ ৰাইজে নিৰ্বাচিত কৰা চৰকাৰৰ অধীনৰ তেওঁলোক কৰ্মচাৰী শিক্ষকসকল। তেওঁলোক হিতাধিকাৰীৰ অন্তৰ্ভুক্ত হোৱাৰ প্ৰশ্নই নুঠে। আৰ্থিকভাৱে অসহায় লোকৰ জীৱনৰ মান উন্নত কৰাৰ অংশ হিচাপে চৰকাৰে আগবঢ়োৱা আঁচনিৰ সুবিধা গ্ৰহণ কৰা সকল হিতাধিকাৰীৰ অন্তৰ্ভুক্ত হয়। ৰাজ্যৰ মুৰব্বী এজনে কেৱল ক্ষমতা থাকিল বুলিয়ে যি মন যায় তাকে কোৱাটো দুৰ্ভাগ্যজনক। এনে মুখ্যমন্ত্ৰী এগৰাকীৰ পৰা নৱ প্ৰজন্মই কি শিক্ষা ল’ব?শিক্ষকসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি নিজৰ চৰম ভুলৰ প্ৰায়শ্চিত্ত কৰিবলৈ ড° হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনালোঁ৷