নাজিৰা লেখিকা সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন 

নাজিৰা লেখিকা সমাজৰ প্ৰতিষ্ঠা দিৱস উদযাপন                            

যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা আঞ্চলিক লেখিকা সমাজৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি দেওবাৰে পাখিমৰীয়া প্ৰাথমিক বিদ্যালয়ত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয়।পুৱা দহ বজাত চাফাই কাম সমাপন কৰা হয়। তাৰপিছতে গছপুলি ৰোপণ কৰে নাজিৰা আঞ্চলিকৰ উপ সভানেত্ৰী অনিমা বৰগোহাঁয়ে,পতাকা উত্তোলন কৰে নাজিৰা আঞ্চলিকৰ সভানেত্ৰী মনোমতী বৰগোহাঁই কোঁৱৰে,বন্তি প্ৰজ্বলন কৰে শিৱসাগৰ জিলা লেখিকা সমাজ ও নাজিৰা আঞ্চলিকৰ উপদেষ্টা দিপালী স্বৰ্গীয়াৰী বৰুৱাই।দিনৰ ১২ বজাত মুকলি সভা আৰম্ভ হয়।সভাপতিত্ব কৰে নাজিৰা আঞ্চলিকৰ সভানেত্ৰী মনোমতী বৰগোহাঁই কোঁৱৰে।সভাত বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে শিৱসাগৰ জিলা লেখিকা সমাজৰ সম্পাদিকা মৌচুমী দত্ত দুৱৰা,নিৰু গগৈ,দিপালী স্বৰ্গীয়াৰী বৰুৱা,ৰিণু বড়া,মিনু বৰগোহাঁয়ে আৰু সত্য বৌদ্ধিক অন্বেষণৰ ভেটিত প্ৰতিভাৱান মহিলা সকলক এখনি মঞ্চ দিয়াৰ উদ্দেশ্যেৰে গঠিত সদৌ অসম লেখিকা সমাজৰ বিভিন্ন দিশত বক্তব্য দাঙি ধৰে তেওঁ লোকে।সভাৰ আঁত ধৰে নাজিৰা আঞ্চলিক লেখিকা সমাজৰ সম্পাদক ৰুমী চাংমাই বৰুৱাই।স্থানীয় মহিলাৰ দ্বাৰা পৰিৱেশিত এটি দিহা নামেৰে সভাৰ শুভাৰম্ভ কৰা হয়।সভাত নৃত্য প্ৰদৰ্শন কৰে শ্ৰুতিকা কোঁৱৰে,ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে অনিন্দিতা শইকীয়াই।কবিতা পাঠ কৰে ৰুমী চাংমাই বৰুৱাই।নাজিৰা কপহুৱাৰ মহিলা সকলে পৰিৱেশন কৰা দিহানামে সকলোকে মোহিত কৰে ।