কম্পিউটাৰ শিক্ষকৰ আন্দোলনত উপস্থিত ডি ৱাই এফ আইৰ নেতৃত্ব

কম্পিউটাৰ শিক্ষকৰ আন্দোলনত উপস্থিত ডি ৱাই এফ আইৰ নেতৃত্ব

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ ১৩২৪ গৰাকী ঠিকাভিত্তিক কম্পিউটাৰ শিক্ষকৰ চাকৰি চৰ্তহীনভাৱে নিয়মীয়া কৰিবলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) ৰ অসম ৰাজ্যিক কমিটীয়ে দাবী উত্থাপন কৰিছে আৰু কম্পিউটাৰ শিক্ষক সন্থাই নিয়মীয়াকৰণৰ দাবী চলাই থকা আন্দোলনলৈ পূৰ্ণ সমৰ্থন জ্ঞাপন কৰিছে। ডি ৱাই এফ আইৰ ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু যুটীয়া সম্পাদক নিৰংকুশ নাথে চচলত চলি থকা কম্পিউটাৰ শিক্ষকসকলৰ আন্দোলনস্থলিলৈ গৈ তেওঁলোকৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জ্ঞাপন কৰে আৰু চাকৰি নিয়মীয়া কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এক লাখ নিযুক্তিৰ শ্লোগান দি থকাৰ সময়তে কম্পিউটাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাৰ বিষয়টো সম্পূৰ্ণ পিঠি দিছে। ২০১৭ চনতে কম্পিউটাৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰিবলৈ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিছিল। ২০১৬ চনৰ বিজেপি দলৰ ভিজন ডকুমেন্টত কম্পিউটাৰ শিক্ষকৰ সমস্যাক অগ্ৰাধিকাৰ দি সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বত গঠন হোৱা বিজেপি দলৰ দ্বিতীয়খন চৰকাৰে সম্পূৰ্ণ বিপৰীত স্থিতি গ্ৰহণ কৰিছে। এয়া শিক্ষকসকলৰ প্ৰতি ডাঙৰ প্ৰতাৰণা আৰু অন্যায় বুলি ডি ৱাই এফ আইয়ে অভিহিত কৰিছে। উল্লেখযোগ্য যে নতুন শিক্ষা নীতিৰ অধীনত শিক্ষা ব্যৱস্থা ডিজিটেলাইজ কৰাৰ লক্ষ্য লোৱা হৈছে। কম্পিউটাৰ বিষয়টোও গুৰুত্বপূৰ্ণ হৈ পৰিছে , কিন্তু আচৰিত ধৰণে চৰকাৰে এনে গুৰুত্বপূৰ্ণ বিষয়টোৰ লগত জড়িত শিক্ষকসকলক “ডিচপোজেবল”ৰ দৰে ব্যৱহাৰ কৰিবলৈ ওলাইছে। এয়া অত্যন্ত নিন্দনীয় আৰু চৰম অন্যায়।এই অন্যায় বন্ধ কৰি কম্পিউটাৰ শিক্ষকসকলে চলাই থকা আন্দোলনৰ প্ৰতি উপযুক্ত সহাঁৰি জনাই চাকৰি নিয়মীয়া কৰিবলৈ ডি ৱাই এফ আইয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে।