অল ইণ্ডিয়া কৃষক সভাৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- এ আই কে এছ(অল ইন্দিয়া কৃষক সভা),অসম ৰাজ্যিক কমিটীৰ এখন বিশেষ বৈঠক গুৱাহাটীৰ চন্দ্ৰ প্ৰভা শইকীয়ানী প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ উক্ত বৈকঠত অসম ৰাজ্যিক কমিটীৰ সভাপতি টিকেন দাসে সভাপতিত্ব কৰে৷ বৈঠকত নগাঁও জিলাৰ কৃষক সভাৰ সভাপতি গোবিন্দ নাথ,মৰিগাঁও জিলাৰ কৃষক সভাৰ সভাপতি হবিবৰ ৰহমান,নলবাৰী জিলাৰ কৃষক সভাৰ সভাপতি কৰুণা কলিতা,সম্পাদক ৰবীন মিশ্ৰ,কামৰূপ গ্ৰাম্য জিলাৰ সভাপতি বীৰেন শৰ্মা প্ৰমুখ্যে অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধি,কৰ্মকৰ্তাসহ প্ৰায় ২০ জন সদস্য উপস্হিত থাকে৷এম এছ পি বিষয়ৰ ওপৰত বিশদভাৱে আলোচনা কৰি কৃষকক ৰেহাই মূল্যত সাৰ কীটনাশক ঔষধ যোগান ধৰাৰ পোষকতা কৰে৷আৰু যোৱা ইং ২০২০ চনৰ ২৬ নৱেম্বৰ তাৰিখত কৃষক আন্দোলনক স্মৰণ কৰি অহা ২০২৩ চনৰ ২৬ নৱেম্বৰত এক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা যায়৷
