নাজিৰাৰ প্ৰান্তে প্ৰান্তে চি পি আইৰ গণসংযোগ আৰু গণপুঁজি সংগ্ৰহ অভিযান 

নাজিৰাৰ প্ৰান্তে প্ৰান্তে চি পি আইৰ গণসংযোগ আৰু গণপুঁজি সংগ্ৰহ অভিযান 

যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা পহিলা অক্টোবৰৰ পৰা অহা ৩০ নৱেম্বৰলৈকে চি পি আই অসম ৰাজ্য পৰিষদে আহ্বান জনোৱা গণসংযোগ আৰু গণপুঁজি সংগ্ৰহ অভিযান অব্যাহত ৰাখিছে । নাজিৰা মহকুমাৰ বিভিন্ন অঞ্চলত চি পি আই জেষ্ঠ নেতা চেনীৰাম বৰগোহাঁই, ৰোহিত বৰা, জয়ৰাম কোঁৱৰ, যজ্ঞোৰাম গগৈ, চি পি আইৰ নাজিৰা মহকুমা পৰিষদৰ সম্পাদক যোগেন চেতিয়া সহ সম্পাদক মহেন্দ্ৰ বৰগোহাঁইৰ নেতৃত্বত চলা উক্ত গণসংযোগ কাৰ্যসূচীত দলৰ ৰাজ্যিক সম্পাদক কনক গগৈয়েও অংশগ্ৰহণ কৰে ৷ কনক গগৈয়ে অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত কয় যে চি পি আই যিহেতু শ্ৰমজীৱী কৃষিজীৱী তথা মেহনতী জনগণৰ পাৰ্টি সেয়ে সেই শ্ৰেণীৰ জনগণৰ স্বাৰ্থ ৰক্ষাৰ্থে বিভিন্ন সংগ্ৰামী কাৰ্যসূচী সমূহৰ উপৰিও অন্যান্য কামকাজ সমূহ সম্পাদন কৰিবৰ বাবে সেই শ্ৰেণীৰ জনতাৰ পৰাই মুক্ত হস্তে দান বৰঙনি বিচাৰি ৰাইজৰ ওচৰত কাষ চাপিছোঁ আৰু সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছোঁ ৷ ইতিমধ্যে মহকুমাটোত প্ৰায় পাঁচশৰো অধিক পৰিয়ালৰ সৈতে গণসংযোগ কৰা হৈছে আৰু তেওঁলোকৰ সহাঁৰি প্ৰতি আপ্লুত হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৷ দলৰ সকলো কৰ্মকৰ্তাক আৰু দৰদী লোক সকলকো এই গণসংযোগ কাৰ্যসূচীত অংশ ল’বলৈ আহ্বান জনাইছোঁ ৷ তেওঁ লগতে কয় যে চৰকাৰে যিদৰে এহাতে দি আনহাতে নি জনগণক মাধমাৰ শোধাইছে আৰু দেশৰ সংবিধান গণতন্ত্ৰ বিৰোধী যিবিলাক কাম কাজ কৰিছে এই সম্পৰ্কেও ৰাইজক সজাগ সচেতন কৰিবৰ বাবে এই গণসংযোগৰ অন্যতম উদ্দেশ্য বুলি উল্লেখ কৰে ৷