এপিডিচিএলক বিদ্যুৎ মাচুল বৃদ্ধিৰ অবাধ স্বাধীনতা প্ৰদানৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ অসম তৃণমূল কংগ্ৰেছৰ

এপিডিচিএলক বিদ্যুৎ মাচুল বৃদ্ধিৰ অবাধ স্বাধীনতা প্ৰদানৰ সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ অসম তৃণমূল কংগ্ৰেছৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাইজক বুঢ়া আঙুলি দেখুৱাই ৰাজ্য চৰকাৰে এপিডিচিএলক নিজ ইচ্ছামতে বিদ্যুৎ মাচুল বৃদ্ধিৰ লাইচেন্স প্ৰদানৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা।আজি এক বিবৃতিত শৰ্মাই কয়,’বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ কথা নতুন নহয়। বিগত সময়ছোৱাৰ কৰ্মকাণ্ডৰে ইতিমধ্যে জনতাক হাৰাশাস্তি দিয়াটোৱেই যে চৰকাৰখনৰ একমাত্ৰ লক্ষ্য সেই কথা প্ৰমাণ কৰিছে। এই স্বৈৰাচাৰী নীতিৰ শেহতীয়া সংযোজন হিচাপে নিয়ামক আয়োগৰ ক্ষমতা কৰ্তন কৰি ইন্ধনৰ মূল্যবৃদ্ধিৰ লগে লগে বিদ্যুৎ মাচুল বৃদ্ধিৰ বাবে এপিডিচিএলক কৰ্তৃত্ব প্ৰদান কৰিছে। এই কথাই জনতাৰ কোনো প্ৰতিবাদ, অভাৱ-অভিযোগ শুনিবলৈ যে বেপেৰোৱা চৰকাৰখনৰ কোনো আগ্ৰহ নাই, তাক পুনৰবাৰ দাঙি ধৰিলে। অথচ এফালে সভা-সমিতিবোৰত গৈ মিঠা মিঠা কথা কৈ তেওঁলোক ৰাইজৰ বুকুৰ কুটুম হিচাপে নিজকে তুলি ধৰে। মুঠতে এইখন ঠগ-প্ৰৱঞ্চনা-স্বৈৰাচাৰী-দানৱৰ চৰকাৰ। ৰাইজক দুখত ৰাখি ৰং চোৱাটো তেওঁলোকৰ স্বভাৱ।কোনো মানৱীয়তা, দয়া তেওঁলোকৰ সংবিধানত নাই। ৰাজ্য চৰকাৰৰ চৰম বিত্তীয় দুৰৱস্হাৰ বাবে এতিয়া বিভিন্ন বিভাগসমূহৰ জৰিয়তে টকা সংগ্ৰহত নামিছে চৰকাৰখনে। মুঠতে তথাকথিত দক্ষ নেতা ড° হিমন্ত বিশ্ব শৰ্মাৰ দিনত চৰকাৰ চিষ্টেমটোকে গণতন্ত্ৰৰ কৱৰখানালৈ ৰূপান্তৰিত কৰিছে।মাথোঁ এজন ব্যক্তিয়ে যি মন যায় তাকে কৰিবলৈ লৈছে। ড° শৰ্মাৰ কথা কামত কোনো সংগতি নোহোৱা হৈ পৰিছে। মাত্ৰ কেইদিনমান পূৰ্বে বিদ্যুৎ মাচুল বৃদ্ধি কৰি ৰাইজক কষ্ট দিবলৈ বিচৰা নাই বুলি মন্তব্য কৰাৰ পাছত অলপতে প্ৰতি ইউনিটত ১.২৯ টকা পৰ্যন্ত বৃদ্ধি কৰিছে। এতিয়া আকৌ নিয়ম সংশোধন কৰি যেতিয়াই মন যায় তেতিয়াই বিদ্যুৎ মাচুল বৃদ্ধিৰ ব্যৱস্থা কৰি লৈছে। কি আচৰিত শাসকৰ কৱলত পৰিছো আমি। গণতান্ত্ৰিক ব্যৱস্থাৰ ষ্টেণ্ডাৰ্ড বিজেপি চৰকাৰে ধূলিৰ লগত মিহলি কৰি দিছে। জনতা জনাৰ্দনক বুঢ়া আঙুলি দেখুৱাই কাম কৰা ব্যৱস্হা এটাক চৰকাৰ বুলিব পৰাৰ কোনো কাৰণ আমি বিচাৰি পোৱা নাই। এই কথাবোৰেই ড° হিমন্ত বিশ্ব শৰ্মাৰ চূড়ান্ত অদক্ষতাৰ প্ৰমাণপত্ৰ। চৰকাৰ চলোৱাৰ সামান্যতম জ্ঞানো যে তেওঁৰ নাই, সেয়া তেওঁৰ কামে সকলোকে বুজাই দিছে। এনেকুৱা এখন চৰকাৰৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আমি অনুৰোধ জনাইছো। লগতে এপিডিচিএলক প্ৰদান কৰা অবাধ স্বাধীনতাৰ কৰ্তৃত্ব শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনালো। অন্যথাই ইয়াৰ বিৰুদ্ধে অসমবাসীক লগত লৈ অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হ’ব।’