অসমত প্ৰথমবাৰৰ বাবে ব্যতিক্ৰমী অনুষ্ঠনৰ আয়োজন

অসমত প্ৰথমবাৰৰ বাবে ব্যতিক্ৰমী অনুষ্ঠনৰ আয়োজন : মগৰাহাটত ভাতখোৱা প্ৰতিযোগিতা : প্ৰথম পুৰস্কাৰ এক লাখ টকা 

যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- অসমত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে এক ব্যতিক্ৰমী অনুষ্ঠান । শিৱসাগৰ জিলাৰ মগৰাহাট চাংমাই গাৱঁত সদৌ অসম ভিত্তিত থলুৱা ব্যঞ্জনাৰে ভাতখোৱা প্ৰতিযোগিতা আয়োজন কৰা হৈছে । মগৰাহাট মুৰাৰী কৃষ্ণ যুৱ সমাজৰ উদ্যোগত আৰু যুৱ নেতা লাচিত গগৈৰ সহযোগত অহা ৫ নৱেম্বৰত মগৰাহাট চাংমাই গাৱঁত অনুষ্ঠিত হ’ব লগীয়া উক্ত প্ৰতিযোগিতাত ৭ মিনিটৰ ভিতৰত দুই কিলোগ্ৰামৰোধিক থলুৱা ব্যঞ্জনাৰে তথা হাহঁ , কুকুৰাৰ মাংস , কণী , মাছ আৰু কচুটেঙাৰ দাইল , ভাজি আদিৰে ভাত খাই শেষ কৰিব পাৰিব তথা প্ৰথম বিজয়ী জনক এক লাখ টকা , দ্বিতীয় বিজয়ী জনক ৫০ হাজাৰ টকা ,তৃতীয় বিজয়ী জনক ৩০ হাজাৰ টকা , চতুৰ্থ বিজয়ী জনক ১০ হাজাৰ টকা আৰু পঞ্চম বিজয়ী জনক ৫ হাজাৰ টকাৰে পুৰস্কৃত কৰিব । উক্ত সদৌ অসম ভিত্তিত ভাতখোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক ব্যক্তিসকলক ৯৩৬৫৬৫৭২৫২ / ৬০০৩৭১৬৮১২ / ৯৩৬৫১৫৮৪৩২ নম্বৰত আগতীয়াকৈ যোগাযোগ কৰি এক হাজাৰ টকা ভৰ্তি মাচুল সহ যোগদান নিশ্চিত কৰিবৰ বাবে উদ্যোক্তাসকলৰ হৈ সভাপতি দীপক দত্ত আৰু সম্পাদক গিতাৰ্থ বৰুৱাই অনুৰোধ জনাইছে ।